37 সংখ্যক মৃত্যুতিথিত ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নাতি ৰাহুলৰ

author img

By

Published : Oct 31, 2021, 9:40 AM IST

Tribute to ex prime minister Indira Gandhi on her Death anniversary etv bharat news
37 সংখ্যক মৃত্যুতিথিত ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি নাতি ৰাহুলৰ ()

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ 37 সংখ্যক মৃত্যু তিথি ৷ সেই উপলক্ষে নাতি ৰাহুল গান্ধীয়ে পুৱাৰ ভাগতে নেত্ৰীগৰাকীৰ সমাধিলৈ গৈ শ্ৰদ্ধা নিবেদন কৰে ৷

নিউজ ডেস্ক, 31 অক্টোবৰ : Iron lady খ্যাত দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ আজি 37 সংখ্যক মৃত্যুবাৰ্ষিকী ৷ গান্ধীৰ জন্ম হৈছিল 1917 চনৰ 19 নৱেম্বৰত এলাহাবাদত ৷ ইন্দিৰা গান্ধী দেশৰ এগৰাকী অন্যতম বিতৰ্কিত প্ৰধানমন্ত্ৰী আছিল ৷ তদুপৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেত্ৰী আছিল ৷ ইন্দিৰা গান্ধীয়ে গ্ৰহণ কৰা বহু সিদ্ধান্তৰ দ্বাৰা ইতিহাস সৃষ্টি কৰাৰ বিপৰীতে অধিকাংশ কামৰ বাবে সমালোচনাৰ সন্মুখীনো হৈছিল ৷ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ কন্যা হোৱাৰ বাবে ইন্দিৰাৰ ৰাজনৈতিক কেৰিয়াৰ মসৃণ আছিল বুলি ক’ব পৰা যায় ৷

Tribute to ex prime minister Indira Gandhi on her Death anniversary etv bharat news
Source : Google

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বিষয়ে নজনা কিছু কথা-

  • ইন্দিৰা গান্ধী জৱাহৰলাল নেহৰু আৰু কমলা নেহৰুৰ একমাত্ৰ সন্তান আছিল ৷ ইন্দিৰাৰ ভাতৃৰ নিচেই কম বয়সতে মৃত্যু হৈছিল ৷ শৈশৱত ইন্দিৰা অকলশৰে থাকিবলগীয়া হৈছিল ৷
  • ইন্দিৰাক বেছিভাগ সময় ঘৰুৱা শিক্ষকে শিক্ষাদান কৰিছিল ৷ 1934 চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ইন্দিৰাই পৰৱৰ্তী অধ্যয়নৰ বাবে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ৷
    Tribute to ex prime minister Indira Gandhi on her Death anniversary etv bharat news
    Source : Google
  • শিক্ষাগ্ৰহণৰ অন্তত পিতৃ নেহৰুৰ ৰাজনৈতিক জীৱনক এগৰাকী মুখ্য সহায়ক হিচাপে ইন্দিৰাক গণ্য কৰা হৈছিল ৷ বহুবাৰ পিতৃৰ সৈতে বিদেশ ভ্ৰমণলৈও গৈছিল ইন্দিৰাই ৷ তদুপৰি 1959 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷
  • 1964 চনত ইন্দিৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে লাল বাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাত অন্তৰ্ভূক্ত হয় ৷
  • তেওঁ প্ৰথমবাৰৰ বাবে 1966 চনৰ জানুৱাৰীৰ পৰা 1977 চনৰ মাৰ্চলৈকে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
    Tribute to ex prime minister Indira Gandhi on her Death anniversary etv bharat news
    Source : Google
  • পিছে প্ৰধানমন্ত্ৰী হিচাপে ইন্দিৰা গান্ধীয়ে 1975 চনৰ পৰা 1977 লৈ জৰুৰীকালীন অৱস্থা আৰম্ভ কৰা বুলি যথেষ্ঠ সমালোচনাৰ সন্মুখীন হৈছিল ৷
  • 1942 চনত ফিৰোজ গান্ধীৰ সৈতে ইন্দিৰাৰ বিবাহকাৰ্য সম্পন্ন হৈছিল ৷ ফিৰোজ-ইন্দিৰাৰ ৰাজীৱ আৰু সঞ্জয় নামৰ দুজন পুত্ৰ সন্তান আছিল ৷ দুই পুত্ৰই পৰৱৰ্তী সময়ত মাতৃৰ পদাংক অনুসৰণ কৰিয়েই সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে ৷
  • 1999 চনত বিবিচিৰ দ্বাৰা আয়োজিত এক অনলাইন জৰীপত ইন্দিৰা গান্ধীক "ৱমেন অৱ দ্য মিলেনিয়াম" হিচাপে মনোনীত কৰা হয় ৷
  • 1984 চনৰ 31 অক্টোবৰত মৃত্যুৰ আগলৈকে ইন্দিৰা গান্ধী জৱাহৰলাল নেহৰুৰ পিছত দ্বিতীয় দীৰ্ঘম্যাদী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

উল্লেখ্য যে, ইন্দিৰা গান্ধীৰ 37 সংখ্যক মৃত্যু তিথি উপলক্ষে নাতি ৰাহুল গান্ধীয়ে দেওবাৰে পুৱা নেত্ৰীগৰাকীৰ সমাধিত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

Tribute to ex prime minister Indira Gandhi on her Death anniversary etv bharat news
Source : Twitter

লগতে চাওক: 24 ঘণ্টাত ৰাজ্যত 283 গৰাকী ক’ভিড 19 ত আক্ৰান্ত, মৃত্যু 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.