মৃতদেহ উদ্ধাৰক লৈ বৰপেটা-টীয়কত চাঞ্চল্য

author img

By

Published : Oct 31, 2021, 7:00 AM IST

dead Bodies recovered at two locations in assam
মৃতদেহ উদ্ধাৰক লৈ বৰপেটা-টীয়কত চাঞ্চল্য ()

বৰপেটাৰোডৰ শ্মশান চৌহদৰ এটি পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সমান্তৰালভাৱে যোৰহাট জিলাৰ টীয়ক থানাৰ অন্তৰ্গত কাৱৈমাৰী মিচিং গাঁৱৰ সমীপৰ এখন বিলত উদ্ধাৰ হয় নীলা চাৰ্ট পৰিধান কৰা এটা উৱলি যোৱা মৃতদেহ ৷

বৰপেটাৰোড/টীয়ক, 31 অক্টোবৰ : শনিবাৰে বৰপেটাৰোডৰ শ্মশান চৌহদৰ এটি পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃতদেহটো বৰপেটাৰোডৰ বিজয় শীল বুলি জানিব পৰা গৈছে ৷ বিজয় শীল বিগত কিছুদিন ধৰি মানসিক ৰোগত ভূগি আছিল বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

এদিন পূৰ্বৰে পৰা নিৰুদ্দেশ হৈ থকা বিজয় শীলৰ মৃতদেহ বৰপেটাৰোড আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, ১৫ হাজাৰ টকা লগত লৈ ফুৰা বিজয়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত ৰহস্যজনকভাৱে মাত্ৰ চাৰিশ টকাহে লাভ কৰে আৰক্ষীয়ে ৷

ইফালে, যোৰহাট জিলাৰ টীয়ক থানাৰ অন্তৰ্গত কাৱৈমাৰী মিচিং গাঁৱৰ সমীপৰ এখন বিলত নীলা চাৰ্ট পৰিধান কৰা এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । শনিবাৰে পুৱা বিলত মাছ ধৰিবলৈ যোৱা স্থানীয় কেইজনমান লোকে পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ ইয়াৰ লগে লগে টীয়ক আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকসকলে ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ বৰ্তমানলৈকে চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটো ৷ মৃতদেহটো চিনাক্ত হোৱাৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ আশা প্ৰকাশ কৰিছে প্ৰশাসনৰ লগতে স্থানীয় লোকে ৷

লগতে পঢ়ক: ন্যায় পালেনে অভিশপ্ত 30 অক্টোবৰত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.