ETV Bharat / state

ন্যায় পালেনে অভিশপ্ত 30 অক্টোবৰত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালে ?

author img

By

Published : Oct 30, 2021, 4:30 PM IST

Updated : Oct 30, 2021, 7:17 PM IST

30th-october-guwahati-blast-victims-family-is-still-waiting-for-justice
ন্যায় পালেনে অভিশপ্ত 30 অক্টোবৰত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালে ?

সন্ত্ৰাস জৰ্জৰ অসমৰ উগ্ৰবাদৰ ইতিহাসৰ এক মচিব নোৱাৰা ক’লা অধ্যায় 30 অক্টোবৰ ৷ আজিৰ এই দিনটোতেই গুৱাহাটী মহানগৰীত হোৱা ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল বহু নিৰীহ লোকে ৷ পিছে ন্যায় লাভ কৰিবলৈ সক্ষম হ’ল বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালে? সবিশেষ জানো আহক ৷

গুৱাহাটী, ৩০ অক্টোবৰ : আজি অভিশপ্ত 30 অক্টোবৰ ! সন্ত্ৰাস জৰ্জৰ অসমৰ উগ্ৰবাদৰ ইতিহাসৰ এক মচিব নোৱাৰা ক’লা অধ্যায় এই 30 অক্টোবৰ ৷ ২০০৮ চনৰ এই দিনটোতেই গুৱাহাটী মহানগৰীত হোৱা ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল বহু নিৰীহ লোকে ৷ আজিও এই সকল নিৰীহ লোকৰ মৰণ-কাতৰ চিঞৰে কন্দুৱাই অসমৰ ৰাইজক ৷

ন্যায় পালেনে অভিশপ্ত 30 অক্টোবৰত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালে ?

এই ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজনলৈ শ্ৰদ্ধা জনাই আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ পিছে আজিৰ এই অনুষ্ঠানত অংশ ল’বলৈ আহি দুখ প্ৰকাশ কৰে ভুক্তভোগী লোক সকলৰ পৰিয়ালৰ সদস্যই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত তেখেতক এই পৰিয়াল সমূহে এবাৰো লগ নোপোৱাৰ অভিযোগ কৰে ৷

ইফালে, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো আজিৰ অনুষ্ঠানত লগ নপায় ক্ষোভ প্ৰকাশ কৰে ভুক্তভোগীৰ পৰিয়ালৰ সদস্যই ৷ আনহাতে, এই ঘটনাৰ এটা দশকতকৈয়ো অধিক কাল পাৰ হৈ যোৱাৰ পিছতো এই পৰিয়াল সমূহে কোনোধৰণৰ সংস্থাপন লাভ কৰা নাই বুলিও উত্থাপিত হৈছে অভিযোগ ৷ ইয়াৰোপৰি 30 অক্টোবৰৰ বিস্ফোৰণৰ সৈতে জড়িত মূল অভিযুক্তক ফাঁচী দি মৃত লোক সকলক ন্যায় প্ৰদান কৰাৰো দাবী উত্থাপন কৰিছে এই পৰিয়াল সমূহে ৷

লগতে পঢ়ক : তিনিচুকীয়াৰ দুটাকৈ স্থানত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত

Last Updated :Oct 30, 2021, 7:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.