ETV Bharat / state

বৰহাটস্থিত ষ্টেট বেংকত বাংলা ভাষা ব্যৱহাৰক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 16, 2021, 8:12 PM IST

tense situation for using bangla language
বৰহাটস্থিত ষ্টেট বেংকত বাংলা ভাষা ব্যৱহাৰক লৈ উত্তপ্ত পৰিস্থিতি

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ চৰাইদেউ জিলাৰ বৰহাট শাখাত বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ বেংক কৰ্তৃপক্ষৰ এনে কাণ্ডত জাঙুৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাৰ বৰহাট আঞ্চলিক সমিতি ৷

মৰাণ, 17 অক্টোবৰ : ষ্টেট বেংক অৱ ইণ্ডিয়াৰ চৰাইদেউ জিলাৰ বৰহাট শাখাৰ কৰ্তৃপক্ষই ফলকত বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ বেংক কৰ্তৃপক্ষৰ এনে কাণ্ডত জাঙুৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাৰ বৰহাট আঞ্চলিক সমিতি ৷

বৰহাটস্থিত ষ্টেট বেংকত বাংলা ভাষা ব্যৱহাৰক লৈ উত্তপ্ত পৰিস্থিতি

বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ শনিবাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ চৰাইদেউ জিলাৰ বৰহাট শাখাৰ কৰ্তৃপক্ষ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে টাই আহোম যুৱ পৰিষদৰ লগতে আদিবাসী ছাত্ৰ সন্থাৰ বৰহাট আঞ্চলিক সমিতিয়ে ৷ যিখন ফলকত বাংলা ভাষা ব্যৱহাৰ কৰিছিল সেই ফলকখনত ক'লা ৰং সানি দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: APDCL কেলেংকাৰী : পুনৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জেৰাৰ সন্মুখিন হ'ব প্ৰাৰ্থী

তদুপৰি বেংকটোৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাৰ কৰ্মীসকলে ৷ প্ৰতিবাদকাৰীয়ে সদৰী কৰা মতে, বেংক কৰ্তৃপক্ষই প্ৰতিবাদ সাব্যস্ত সন্দৰ্ভত আগতীয়াকৈ তথ্য লাভ কৰাত তাৎক্ষণিকভাৱে ফলকখন আঁতৰাবলৈ প্ৰস্তুতি চলাইছিল ৷

উল্লেখ্য যে, প্ৰতিটো ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানক অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী জনাইছে সংগঠন দুটাৰ নেতা-কৰ্মী সকলে ৷ লগতে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ চৰাইদেউ জিলাৰ বৰহাট শাখাৰ কৰ্তৃপক্ষকো বাংলা ভাষা ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে ৷ অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে টাই আহোম যুৱ পৰিষদৰ আৰু আদিবাসী ছাত্ৰ সন্থাৰ বৰহাট আঞ্চলিক সমিতিয়ে ৷

লগতে পঢ়ক: কেন্দ্ৰই ৰাজ্যসমূহৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে : ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.