ETV Bharat / state

Sankardev Sangha Controversy : টাইপাৰ ৬ নৱেম্বৰ চৰাইদেউ জিলা বন্ধ প্ৰত্যাহাৰ

author img

By

Published : Nov 1, 2022, 11:52 AM IST

Updated : Nov 1, 2022, 12:20 PM IST

মৰিয়নি বিতৰ্কত ৰাজহুৱাভাৱে ক্ষমা খুজিলে শংকৰদেৱ সংঘই । ক্ষমা খোজাৰ পাছতে ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ প্ৰত্যাহাৰ কৰিলে টাইপাই (TAYPA withdrawal Charaideu District bandha) ।

TAYPA
TAYPA

মৰাণ, ১ নৱেম্বৰ : শেহতীয়াকৈ শংকৰদেৱ সংঘৰ কেইবাটাও কৰ্মকাণ্ডই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Sankardev Sangha controversy) । মৰিয়নিত আহোমৰ পৰম্পৰাৰে অনুষ্ঠিত চকলং বিয়া খাবলৈ গৈ শংকৰ সংঘৰ পৰা বহিষ্কাৰ হোৱা ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰিছিল টাইপাই (Sankardev Sangha Saklang marriage controversy) ।

লগতে টাই আহোম যুৱ পৰিষদ অসমে আগন্তুক সাপেখাতীত অনুষ্ঠিত হ'বলগীয়া শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ অনুষ্ঠিত হোৱাৰ মাজতে ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিল (TAYPA criticized Sankardev Sangha) । ইয়াৰ পাছতে সংগঠনটোৰ স্থিতি আৰু অসমৰ ৰাইজৰ প্ৰতিক্ৰিয়াত সেও মানিলে শংকৰ সংঘই ।

Sankardev Sangha Controversy : টাইপাৰ ৬ নৱেম্বৰ চৰাইদেউ জিলা বন্ধ প্ৰত্যাহাৰ

সোমবাৰে সোণাৰি আৱৰ্ত ভৱনত সংবাদমেল অনুষ্ঠিত কৰি আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰে শংকৰদেৱ সংঘৰ নেতৃত্বই (Sankaradeva Sangha apologises to Ahom people) । ইয়াৰ পূৰ্বে সোণাৰিত টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় সোণাৰি আৱৰ্ত ভৱনত ।

টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহাইৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, যুটীয়া সম্পাদক ড° দুৰ্লভ পাঠক, সাহিত্য শাখাৰ সভাপতি মৃণাল বৰুৱাৰ উপৰি দুয়োটা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰে উক্ত বৈঠকত । উক্ত বৈঠকৰ পাছতে আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰে শংকৰদেৱ সংঘই ।

কোনো জাতি-জনগোষ্ঠীৰ ওপৰত শংকৰদেৱ সংঘৰ বিদ্বেষভাব নাই বুলি কৈ শংকৰদেৱ সংঘৰ প্ৰতিটো কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় শংকৰদেৱ সংঘৰ নেতৃত্বই । শংকৰদেৱ সংঘই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ পাছতে টাইপাৰ কেন্দ্ৰীয় নেতৃত্বই সংবাদমেল অনুষ্ঠিত কৰি সাপেখাতীত অনুষ্ঠিত হ'বলগীয়া শংকৰদেৱ সংঘৰ শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ অনুষ্ঠিত হোৱাৰ মাজতে ৬ নৱেম্বৰত যি চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিল, সেয়া প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে (TAYPA withdrawal Charaideu District bandha) ।

উল্লেখ্য, সময়ে সময়ে শংকৰদেৱ সংঘ এনে ধৰণৰ বিৰ্তকৰ মাজত সোমাই আহিছে । ইতিমধ্যে এনে বহু ঘটনা ঘটিছে যাৰ বাবে শংকৰ সংঘ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে । শংকৰদেৱৰ উদাৰ নীতিক ভৰিৰে মোহাৰি শংকৰ সংঘৰ কেতবোৰ পাবত গজা নেতাই শংকৰদেৱৰ সমগ্ৰ আদৰ্শ নীতিকে ভৰিৰে মোহাৰি আহিছে ।

লগতে পঢ়ক :Gujarat Morbi Tragedy: ২ নৱেম্বৰত গুজৰাটে পালন কৰিব শোক দিৱস

Last Updated :Nov 1, 2022, 12:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.