ETV Bharat / state

TAYPA protest at Sonari: টাইপাৰ প্ৰতিবাদত উত্তাল সোণাৰি

author img

By

Published : Oct 17, 2022, 10:49 PM IST

taypa-protest-rally-blocked-by-police-at-sonari-in-charaideo
সোণাৰিত টাইপাৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি

সোমবাৰে টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত নিজ কাৰ্যালয়ৰ পৰা সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱাৰ প্ৰস্তুতি চলাইছিল যদিও টাইপাৰ কাৰ্যালয়ৰ ভিতৰতে আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলক (TAYPA protest rally blocked by police) । ফলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

ডিব্ৰুগড়/শিৱসাগৰ, ছেপ্টেম্বৰ: সোমবাৰে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত সোণাৰিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই(Tai Ahom Youth Council) । কেন্দ্ৰীয় কেবিনেটে 5 ৰাজ্যৰ 12 জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠন সমূহে (ST status to six communities of Assam) ৷

উল্লেখ যোগ্য যে অসমক বাদ দি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য ক্ৰমে- তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ মুঠ বাৰটা জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতেই অসমত পুনৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদ্গীৰণ ঘটিছে ৷ কাৰণ কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ তালিকাত নাই অসমৰ ছয় জনগোষ্ঠীৰ নাম ৷

মনকৰিবলগীয়া যে, অসমৰ ছটাকৈ জনগোষ্ঠীয়ে বিগত সুদীৰ্ঘ সময়জুৰি জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে (Scheduling of six tribes) ৷ অথচ কেন্দ্ৰীয় চৰকাৰে এইবাৰো যি ৫ খন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে তাত উল্লেখ নাথাকিল অসমৰ মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী, টাই-আহোম আৰু চাহ জনগোষ্ঠীৰ নাম ।

অসমৰ ছয় জনগোষ্ঠীক (Six tribes of Assam) জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত বিগত দিন ধৰি ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীকেইটাৰ দল-সংগঠনসমূহ ।

সোণাৰিত টাইপাৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি

তাৰেই সামন্তৰালকৈসোমবাৰে টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত টাইপা চৰাইদেউ জিলা সমিতিয়ে হাতত লৈছিল জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী (TAYPA protest at Sonari) ৷ টাইপা চৰাইদেউ জিলা সমিতিয়ে নিজ কাৰ্যালয়ৰ পৰা সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱাৰ প্ৰস্তুতি চলাইছিল যদিও টাইপাৰ কাৰ্যালয়ৰ ভিতৰতে আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলক (TAYPA protest rally blocked by police) ।

চৰাইদেউ জিলাত ১৪৪ "ধাৰাৰ দোহাই দি এইদৰে প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ ক্ষোভিত হৈ টাইপাৰৰ কৰ্মীসকলে সংগঠনটোৰ দাবী সম্বলিত দাবী পত্ৰ প্ৰতিবাদস্থলীতে প্ৰদান কৰে জিলা প্ৰশাসনক ৷ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Tense situation at Sonari) ৷

লগতে পঢ়ক: Breaking News: উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.