ETV Bharat / state

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে জিলা উপায়ুক্তই গঠন কৰিব পাৰিব টাক্স ফ’ৰ্চ: ক’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

author img

By

Published : Dec 6, 2021, 10:22 PM IST

price rise in Assam
price rise in Assam

মূল্যবৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ (Minister Ranjeet Kumar Das price hike)৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন হ'লে জিলা উপায়ুক্তই টাক্স ফ’ৰ্চ গঠন কৰিব পাৰিব বুলি উল্লেখ মন্ত্ৰী গৰাকীৰ (Tax force to control price rise) ৷

মৰাণ, 6 ডিচেম্বৰ : ‘‘মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন হ'লে জিলা উপায়ুক্তই টাক্স ফ’ৰ্চ গঠন কৰিব পাৰিব’’ (Tax force to control price rise)। চৰাইদেউ জিলাৰ সদৰ সোণাৰিত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ সোমবাৰে সোণাৰিত চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এক বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে (Minister Ranjeet Kumar Das in Charaideo) ৷ এই বৈঠকত জিলাখনত চলি থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু যোগান, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে জল জীৱন মিচন অভিযানৰ অগ্ৰগতি বুজ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । চৰাইদেউৰ তিনিওটা বিভাগৰ কাম সন্তোষজনক বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, ৰাজ্যত অব্যাহত থকা নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি (Price rise of daily used goods) সম্পৰ্কত শাসকীয় দলৰ নেতা সকলে বিভিন্ন সময়ত তুলুঙা মন্তব্য কৰি অহা পৰিলক্ষিত হৈছে (BJP leaders comment on price hike) ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও কেৱল নিমখৰ মূল্যবৃদ্ধিহে তেওঁ নিয়ন্ত্ৰণ কৰিব পাৰে বুলি উল্লেখ কৰিছিল ৷ তাৰ পাচতেই সমালোচনাৰ সন্মুখীন হৈছিল মন্ত্ৰীগৰাকী ৷

মূল্যবৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

দেখা গৈছে যে, গুৱাহাটী মহানগৰীত মূল্যবৃদ্ধিৰ দিশটো চোৱা-চিতা কৰিবৰ বাবে ইতিমধ্যে চৰকাৰে এক বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰি দিছে (Task force in Guwahati market) ৷ যি বজাৰে বজাৰে ঘূৰি সামগ্ৰীৰ দাম সমূহ নিৰীক্ষণ কৰিব আৰু অধিক দাম সংগ্ৰহকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব ৷ এই ক্ষেত্ৰত বিশেষ ফোন নম্বৰো সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিছিল প্ৰশাসনে ৷ কিন্তু তাৰ পাচতো দেখা গৈছে যে বজাৰত নিয়ন্ত্ৰণলৈ অহা নাই মূল্যবৃদ্ধিৰ জুই ৷

চৰাইদেউ জিলাৰ উপায়ুক্ত কার্যালয়ত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, কেবিনেট মন্ত্ৰী যোগেন মহন, স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু অন্যান্য বিষয়া সকল ।

লগতে পঢ়ক : ৰঙানদীৰ চাপৰিত সেউজ সপোনে মেলিছে পোখা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.