ETV Bharat / state

ৰঙানদীৰ চাপৰিত সেউজ সপোনে মেলিছে পোখা

author img

By

Published : Dec 6, 2021, 6:23 PM IST

Updated : Dec 6, 2021, 10:54 PM IST

নদীৰ দেশ অসম (Assam land of river) ৷ নদী অসমৰ বিপদো, সম্পদো ৷ বাৰিষা কালৰূপ ধৰি নৈয়ে যদি কন্দুৱাই, খৰালি তাৰ পলসুৱা চাপৰিত লহপহকৈ বাঢ়ি অহা ৰবি শস্যই কৃষকৰ মুখৰ হাঁহি বিৰিঙাই (Ravi cultivation in the bank of Ronganadi)৷ ৰঙা নদীৰ চাপৰিও এতিয়া নদন বদন হৈ পৰিছে ৰবি শস্যৰে ৷

Ravi cultivation in the bank of Ronganadi river by four local youth
খেতি কৰিয়েই চাৰি যুৱকৰ বছৰি লক্ষাধিক টকা উপাৰ্জন

নাওবৈচা, 6 ডিচেম্বৰ : বাৰিষাত সংহাৰী ৰূপ ধাৰণ কৰা ৰঙানদীয়ে পেলাই থৈ যোৱা ৰঙানদীৰ চাপৰিত সপোন ৰচিছে দুলেন, সান্তনু, বিপুল, সদাহঁতে ৷ যি ৰঙানদী বাৰিষা কাল হৈ পৰে (flood in Ronganadi river), তাৰেই চাপৰিত লহপহকৈ বাঢ়িছে এই চাৰিযুৱকৰ সেউজী সপোন ৷ প্ৰায় এটা দশকেই হ’ল ৷ নাওবৈচাৰ ৰঙানদী পাৰৰ এই বালিময় চাপৰিত যুৱককেইজনে কৰি আহিছে ৰবি শস্যৰ খেতি ৷ যাৰ দ্বাৰা আৰ্থিকভাৱেও লাভৱান হৈছে তেওঁলোক ৷

চাৰি যুৱকে ব্যৱসায় ভিত্তিত জাতিলাও, বন্ধাকবি,ফুলকবি, জলকীয়া, বিলাহী, আলু, মাটিমাহ, শাক আদিৰ খেতি কৰি আহিছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ৷ কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি কেৱল কেঁচুসাৰ প্ৰয়োগ কৰিয়েই অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে তেওঁলোক ৷

ৰঙানদীৰ চাপৰিত সেউজ সপোনে মেলিছে পোখা

কিন্তু মিছিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা চাৰিগৰাকী উদ্যমী মিছিং যুৱকে আজি পৰ্যন্ত পোৱা নাই সামান্যতমো সুবিধা ৷ সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত এই সেউজ বিপ্লৱত ব্ৰতী হৈ আহিছে চাৰিও যুৱক (Green revolution in Naoboicha)৷

প্ৰায় ৩০ বিঘা মাটিত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ আন দহ জন ব্যক্তিক উপাৰ্জনৰ পথ দেখুৱাইছে এই যুৱককেইজনে ৷ অসম চৰকাৰৰ কৃষি বিভাগ অথবা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা সহায় লাভ কৰিলে এইসকল যুৱকৰ দৰে আৰু বহু যুৱকে হয়তো মনোনিৱেশ কৰিব কৃষিকাৰ্যত ৷

লগতে পঢ়ক : হেমন্তৰ হৈমন্তিক আৱৰণৰ সময়তেই পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত মাজুলী

Last Updated : Dec 6, 2021, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.