ETV Bharat / state

Sankardev Sangha conference: সোণাৰিৰ সাপেখাতীত শংকৰদেৱ সংঘৰ সমাৰোহ

author img

By

Published : Nov 5, 2022, 3:54 PM IST

চৰাইদেউ জিলাৰ সাপেখাতীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ (Sankardev Sangha conference)। শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী উপলক্ষে উখল মাখল পৰিৱেশ । পুৱাই উলিওৱা হয় ভাগৱত শোভাযাত্ৰা ।

Sankardev Sangha conference
সোণাৰিৰ সাপেখাতীত শংকৰদেৱ সংঘৰ সমাৰোহ

মৰাণ,৫ নৱেম্বৰ : উজনি-নামনি সকলোতে এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে (Preparation for Rash Lila in Assam)। শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ মাজতে এতিয়া চাৰিওফালে ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ৰাস লীলাৰ অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী আৰু কলা-কুশলীসকল । ইয়াৰ মাজতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে (Sankardev Sangha conference)।

সোণাৰিৰ সাপেখাতীত শংকৰদেৱ সংঘৰ সমাৰোহ

চৰাইদেউ জিলাৰ সাপেখাতীত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত বৰেণ্য অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ২৯ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহক লৈ সাপেখাতীত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । এই সমাৰোহকলৈ উদ্যোক্তাৰ লগতে সাপেখাতীবাসীৰ মাজত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে ।

হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সাপেখাতী অঞ্চল । সাপেখাতীৰ সুকুমাৰ বৰুৱা আৰু শিৱপ্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ (Srimanta Sankardev Sangha conference in Sonari)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ভক্তৰ সমাৱেশেৰে অনুষ্ঠিত হৈছে এই সমাৰোহ । এই সমাৰোহে দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰিছে সোণাৰিৰ সাপেখাতীক ।

সহস্ৰাধিক লোকৰ সমাৱেশেৰে উলিওৱা ভাগৱত শোভাযাত্ৰাই মোহিত কৰিছে উপস্থিত লোকসকলক । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অসংখ্য ভকত-বৈষ্ণৱৰ ভিৰ পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শিশু, যুৱ আৰু আই মাতৃ সমাৰোহৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তাই । উক্ত তিনিওটা দিনতে ভকত-বৈষ্ণৱৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকলে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক :Bhupen Hazarika death anniversary: সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত চৰকাৰলৈ কেতবোৰ প্ৰশ্ন আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.