ETV Bharat / state

Bhupen Hazarika death anniversary: সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত চৰকাৰলৈ কেতবোৰ প্ৰশ্ন আছুৰ

author img

By

Published : Nov 5, 2022, 3:19 PM IST

গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত আছুৰ উদ্যোগত ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন (AASU observed Bhupen Hazarika death anniversary)। চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা আছু নেতৃত্বৰ । কেতিয়া হ'ব ভূপেন হাজৰিকাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ কামবোৰ ? গুৱাহাটী ৰে'ল ষ্টেচন আৰু টাৰ্মিনাচ কেতিয়া ভূপেন হাজৰিকাৰ নামত কৰা হ'ব ? পাঠ্যপুথিত কেতিয়া অন্তৰ্ভুক্ত হ'ব ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি ? ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ গৱেষণাৰ বাবে বিশ্ববিদ্যালয়সমূহত আসন প্ৰতিষ্ঠাৰ বাবে পুনৰ দাবী জনালে আছুৱে ।

Bhupen Hazarika
সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত চৰকাৰলৈ কেতবোৰ প্ৰশ্ন আছুৰ

গুৱাহাটী,৫ নৱেম্বৰ : একাদশ সংখ্যক মৃত্যু বাৰ্ষিকীত জাতিয়ে স্মৰণ কৰিলে জাতিৰ স্ব‍াভিমান ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক (11th death anniversary of Bhupen Hazarika)। আজি অসমীয়াৰ স্বাভিমান ড৹ ভূপেন হাজৰিকাৰ ১১ সংখ্যক মৃত্যু বাৰ্ষিকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ উদ্যোগত ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয় (AASU observed Bhupen Hazarika death anniversary)। দীঘলীপুখুৰী পাৰত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰি আছুৰ নেতৃত্বই মহান শিল্পীগৰাকীক স্মৰণ কৰে ।

সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত চৰকাৰলৈ কেতবোৰ প্ৰশ্ন আছুৰ

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । আছুৰ নেতৃত্বই সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে চৰকাৰৰ অবহেলাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

পুনৰ চৰকাৰলৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে ৰজাঘৰে আছুক জনাব লাগে কেতিয়া হ'ব ভূপেন হাজৰিকাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ কামবোৰ (AASU raised several questions to govt)। প্ৰত্যেক বছৰে আছুৱে কৈ আহিছে কিন্তু চৰকাৰে অলপো গুৰুত্ব দিয়া নাই । তেওঁ কয় যে আজি আছুৱে চৰকাৰৰ পৰা জানিব বিচাৰিছে যে গুৱাহাটী ৰে'ল ষ্টেচন আৰু টাৰ্মিনাচ কেতিয়া ভূপেন হাজৰিকাৰ নামত কৰা হ'ব । আছুক নিৰ্দিষ্ট তাৰিখ লাগে । সেইদৰে পাঠ্যপুথিত ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি অন্তৰ্ভুক্ত হ'ব লাগে আৰু এই কামটো কেতিয়া হ'ব ।

আনহাতে ভূপেন হাজৰিকাৰ নামত এটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান হ'ব লাগে বুলিও দাবী কৰে আছুৱে । ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক বিশ্বত বিয়পাই দিয়াৰ বাবে গৱেষণাৰ প্ৰয়োজন আছে আৰু ইয়াৰ বাবে লাগে গৱেষণা প্ৰতিষ্ঠান । ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক টাইম কেপচুলৰ ধাৰণা লৈ সংৰক্ষণ কৰিব লাগে বুলিও সদৰি কৰি তেওঁ চৰকাৰক প্ৰশ্ন কৰে যে সেই কাম কেতিয়া হ'ব ?

আনহাতে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ গৱেষণাৰ বাবে বিশ্ববিদ্যালয়সমূহত আসন প্ৰতিষ্ঠা কৰাৰ দাবী জনোৱা হৈছিল আৰু চৰকাৰে সেই কাম কৰাৰ কথা কৈছিল । কিন্তু কেতিয়া কৰিব ? আছুক এই প্ৰশ্নবোৰৰ উত্তৰ লাগে বুলি তেওঁ কয় । অসমৰ উপৰিও দেশৰ প্ৰধান বিশ্ববিদ্যালয়সমূহত ভূপেন হাজৰিকাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ বাবে আছুৱে দাবী জনাই আহিছে । যাতে গৱেষণাৰ বিষয়টো দেশৰ প্ৰধান বিশ্ববিদ্যালয়সমূহত সমানে আগুৱাই যাব পাৰে । কিন্তু চৰকাৰে অলপো গুৰুত্ব দিয়া নাই ।

তেওঁ লগতে কয় যে ভূপেন হাজৰিকাৰ সমাধিক্ষেত্রটো আহল-বহলকৈ সজাই-পৰাই তোলাৰ বাবে চৰকাৰৰ প্ৰতি দাবী জনোৱা হৈছিল আৰু চৰকাৰে কৰিম বুলি কৈছিল । কিন্তু কেতিয়াৰ পৰা সেই কাম হ'ব ? আছুক ইয়াৰ উত্তৰ লাগে বুলিও তেওঁ কয় ।

আনহাতে আছুৰ সভাপতি দীপাংক নাথে কয় যে ভূপেন হাজৰিকাৰ জন্ম আৰু মৃত্যু বাৰ্ষিকীত বাৰম্বাৰ আছুৱে চৰকাৰক কেতবোৰ উদ্যোগ লোৱাৰ বাবে আহ্বান জনাই আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই । আজি পুনৰ তেওঁ আহ্বান জনাই যে জাতিৰ স্বাভিমান ভূপেন হাজৰিকাক সদায়ে অনুভৱ কৰিবৰ বাবে প্ৰয়োজনীয় সকলো উদ্যোগ চৰকাৰে গ্ৰহণ কৰিব লাগে ।

সেইদৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় যে এইগৰাকী মহান অসমীয়াৰ বিশাল সৃষ্টিৰাজিক নৱপ্ৰজন্মই যাতে অধ্যয়ন তথা গৱেষণা কৰিব পাৰে তাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে । তেওঁ উল্লেখ কৰা মতে আজিলৈকে বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠা কৰা নহ'ল । তেওঁ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে চৰকাৰে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক যিদৰে সংৰক্ষণ কৰিব লাগিছিল সেইদৰে কৰা নাই । এইগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ সৃষ্টিৰাজি তথা কৰ্মৰাজিক যদি চৰকাৰে সংৰক্ষণ নকৰে তেন্তে কাৰ হৈ কাম কৰিব বুলিও তেওঁ চৰকাৰক প্ৰশ্ন কৰে । উল্লেখ যে বিয়লি দীঘলীপুখুৰী পাৰত আছুৱে ১০ হাজাৰ বন্তি প্ৰজ্বলন কৰি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব ।

লগতে পঢ়ক :Death anniversary of Bhupen Hazarika : আজি যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.