ETV Bharat / state

ৰাস্তা বনাই নিদিলে ভোট নিদিয়াৰ হুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 5:54 PM IST

Poor road condition
উন্নয়নে ঢুকি নোপোৱা গাঁও

পৰিৱৰ্তনৰ চৰকাৰৰ উন্নয়নে আজিও ঢুকি নাপালে সোণাৰিৰ বৰাহী নগাঁৱক ৷ গাঁওখনত নিৰ্মাণ নহ’ল যাতায়তৰ বাবে সুচল পথ ৷ দিচাং নৈৰ পাৰে পাৰে নিতৌ গাঁওবাসীয়ে বিপদসংকুলভাৱে কৰিবলগা হয় যাতায়ত ৷

উন্নয়নে ঢুকি নোপোৱা গাঁও

ডিব্ৰুগড়, 17 নৱেম্বৰ : ৰাজ্যৰ চৌদিশে এতিয়া চলিছে উন্নয়নৰ ৰঙীণ বিজ্ঞাপন । ৰাজ্যখনৰ প্ৰায় সকলো সমস্যাই সমাধান কৰি আছে বুলি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী-বিধায়ক সকলোৰে মুখে মুখে । তেনে সময়তে চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ বৰাহী নগাঁওখনৰ এই দৃশ্য চাওক ৷

আজিও বৰাহী নগাঁৱক ঢুকি নাপালে পৰিবৰ্তনশীল চৰকাৰৰ উন্নয়নে । বৃহত্তৰ নৈপৰীয়া অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সু-ব্যৱস্থা নথকাৰ বাবেই ছাত্ৰ-ছাত্ৰীকে ধৰি গাঁওখনৰ সকলো লোকে দিচাং নৈৰ পাৰে পাৰে লুংলুঙীয়া পথেৰে বিপদসংকুলভাৱে যাত্ৰা কৰি আহিছে । আনহাতে গাঁওবাসীৰ মূল পথটো দিচাং নৈৰ খহনীয়াই প্ৰতিবছৰে খহাই নিয়াত এতিয়া গাঁওবাসীয়ে একমাত্ৰ যাতায়তৰ পথটোক লৈ শংকিত হৈ পৰিছে । বিকল্প পথৰ ব্যৱস্থা নথকাৰ বাবে নিতৌ মৰণক শৰণ দি বিপদসংকুলভাৱে পাৰাপাৰ হয় ছাত্ৰ-ছাত্ৰী ।

আনকি চিকিৎসাজনিত সমস্যাতো এখন এম্বুলেন্স গাঁওখনত সোমাব নোৱাৰে পথৰ এই অৱস্থাৰ বাবে । ৰাইজে বছৰৰ পিচত বছৰ গাঁওখনৰ উন্নয়নৰ বাবে স্থানীয় জনপ্ৰতিনিধিসকলক আৱেদন জনাই আহিছে যদিও ৰাইজে সুফল লাভ কৰা নাই । বৰ্তমানৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো অৱগত কৰিছে যদিও আজি পৰ্যন্ত বিধায়কজনে গৰাখহনীয়াৰ লগতে গাঁওখনৰ মূল পথটোৰ নিৰ্মাণত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে ৰাইজে । অঞ্চলটোৰ উন্নয়নৰ ব্যৱস্থা নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে গাঁওবাসীয়ে । গাঁওখনৰ যাতায়তৰ মূল পথ নথকাত চৰকাৰৰ আন বহু আঁচনিৰ সুবিধাৰ পৰাও বঞ্চিত হৈছে গাঁওখনৰ ৰাইজ । পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কেতিয়া গ্ৰাম্য উন্নয়নত চকু দিয়ে তালৈয়ে অপেক্ষা কৰিছে ৰাইজে ।

লগতে পঢ়ক : Poor road condition: মন্ত্ৰীৰ সমষ্টিতে আৰু কিমান দিনলৈ ৰাস্তাৰ বাবে চিঞৰিব লাগিব?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.