ETV Bharat / state

Jayantamalla Baruah on protest: আন্দোলন নোহোৱাৰ বাবেই ৰাজহ পালে চৰকাৰে; জয়ন্তমল্ল বৰুৱা

author img

By

Published : Jan 9, 2023, 10:49 PM IST

Jayantamalla Baruah on protest
শিৱসাগৰ-চৰাইদেউত আন্দোলন নোহোৱাৰ বাবেই ডেৰ হাজৰ কোটি টকাৰ ৰাজহ পালে চৰকাৰে: জয়ন্তমল্ল বৰুৱা

ৰাজ্যৰ একাংশ সংগঠনৰ বিৰদ্ধে পুনৰ সোচ্ছাৰ হ’ল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷ ৰাজ্যৰ দল-সংগঠনসমূহক আন্দোলন নকৰি আলোচনাৰ মাধ্যমেৰে নিজৰ প্ৰাপ্য দাবী কৰিবলৈ আহ্বন মন্ত্ৰীগৰাকীৰ ৷ লগতে আন্দোলন নোহোৱাৰ বাবেই চৰকাৰে তেলৰ পৰা ডেৰ হাজৰ কোটি টকাৰ ৰাজহ লাভ কৰিলে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

শিৱসাগৰ-চৰাইদেউত আন্দোলন নোহোৱাৰ বাবেই ডেৰ হাজৰ কোটি টকাৰ ৰাজহ পালে চৰকাৰে: জয়ন্তমল্ল বৰুৱা

চৰাইদেউ, 9 জানুৱাৰী : এটা বছৰত আন্দোলন নোহোৱাৰ বাবেই শিৱসাগৰ আৰু চৰাদেউৰ পৰা ডেৰ হাজাৰ কোটি টকাৰ তেলৰ ৰাজহ লাভ কৰিলে চৰকাৰে (Assam govt royalty from oil) ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ অনুষ্ঠানত সোমবাৰে অংশগ্ৰহণ কৰি এই মন্তব্য পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ (Minister Jayantamalla Baruah) ৷

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাকে(All Assam Student Union) ধৰি ৰাজ্যৰ প্ৰায়সমূহ দল-সংগঠনক লৈ বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থাকে একালৰ কংগ্ৰেছ বিধায়ক বৰ্তমানৰ বিজেপি চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । পুনৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সোচ্ছাৰ হোৱা দেখিবলৈ পোৱা গ’ল আন্দোলন কৰা দল-সংগঠনসমূহৰ বিৰুদ্ধে (Andolons in Assam) ৷

সংবাদমাধ্যৰ আগত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে, ‘‘যেতিয়াই ৰাজ্যত আন্দোলনৰ পৰিৱেশ আহে তেতিয়া সকলো দিশৰ পৰাই বাধা আহি পৰে ৷ কেৱল অৰ্থনৈতিক ভাৱেই নহয়, আনৰ আগত ৰাজ্যৰ ভাৱমূৰ্তিও নষ্ট হয় ৷ কেৱল এটা বছৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত আন্দোলনত নোহোৱাৰ বাবেই চৰকাৰে ডেৰ হাজাৰ কোটি টকাৰ তেলৰ ৰাজহ পালে চৰকাৰে (Jayantamalla Baruah on protest in Assam) ৷’’

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘আমি নিশ্চয় নিজৰ অধিকাৰ বিচাৰিব লাগিব ৷ কিন্তু সমাজখনৰ ক্ষতি হোৱাকৈ নহয় ৷ জাতিটোৰ ক্ষতি নোহোৱাকৈ, দেশখনৰ ক্ষতি নোহোৱাকৈ দল-সংগঠনে নিজৰ অধিকাৰ বিচাৰক ৷’’ চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে নিজৰ অধিকাৰসমূহ বিচাৰিবলৈ দল-সংগঠনসমূহক আহ্বান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ সামাজিক পৰিৱেশ নষ্ট নকৰালৈ ৰাজ্যৰ সংগঠনসমূহে কাম কৰিলে ৰাজ্যখন প্ৰগতিৰ পথত আগোৱাই যাব বুলিও সংবাদমাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, ৰাজ্যত আন্দোলন মুক্ত পৰিৱেশ(Andolon free Assam) গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) ৷ বিভিন্ন সময়ত সংবাদমাধ্যৰ যোগেদি আন্দোনলৰ পৰা বিৰত থাকিবলৈয়ো দল-সংগঠনক আহ্বান জনাই আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লক্ষণীয়া ভাৱে, 2022 বৰ্ষত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ(Six tribe protest in Assam) দাবীকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ কৰ্মচাৰী তথা টেট উত্তীৰ্ণ শিক্ষকসকলে(TET teacher protest in Assam) আন্দোলনৰ পৰিৱেশ গঢ়ি তোলিছিল যদিও লেখত ল’ব লগীয়াকৈ ৰাজ্যত 2022 বৰ্ষত নহ’ল কোনো আন্দোলন ৷ যি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে 2023বৰ্ষৰ পহিলা জানুৱাৰীত সাংবাদিকৰে মত-বিনিময়য় অনুষ্ঠানতো উল্লেখ কৰিছিল ৷

লগতে পঢ়ক: Pig Syndicate in Assam: ৰাজ্যত অব্যাহত গাহৰি ছিণ্ডিকেট; বিপদত থলুৱা ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.