ETV Bharat / state

মন্ত্ৰী-বিধায়কে বনভোজ খাই বিহুক লৈ SOP দিয়াতো হাস্যকৰ: লুৰীণজ্যোতি গগৈ

author img

By

Published : Jan 9, 2022, 10:17 PM IST

lurin-jyoti-gogoi-reacting-on-sop-in-uruka
মন্ত্ৰী-বিধায়কে বনভোজ খাই বিহুক লৈ SOP দিয়াতো হাস্যকৰ: লুৰীণজ্যোতি গগৈ

চৰকাৰৰ মন্ত্ৰী-বিধায়কে বনভোজ খাই থকা সময়ত বিহুক লৈ ক'ভিড এচ অ’ পি দিয়াতো হাস্যকৰ আখ্যা লুৰীণজ্যোতি গগৈৰ (Lurin Jyoti gogoi reacting on SOP in Uruka) ৷ জনজাতিকৰণৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰাৰো অভিযোগ লুৰীণজ্যোতি গগৈৰ ৷

মৰাণ, 9 জানুৱাৰী : ৰাজ্যত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত চৰকাৰে জাৰি কৰিছে নতুন SOP (New SOP by Assam Government) ৷ নতুন SOP মানি চলিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে কঠোৰ নিৰ্দেশ ৷ এই নিয়ম বান্ধি দিয়াৰ পিছতে এতিয়া বহুতে বিষয়টোকলৈ তীব্ৰ সমালোচনা কৰিছে চৰকাৰক ৷ সম্প্ৰতি ইয়াক লৈ সৰৱ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ ৷

মন্ত্ৰী-বিধায়কে বনভোজ খাই বিহুক লৈ SOP দিয়াতো হাস্যকৰ: লুৰীণজ্যোতি গগৈ

চৰকাৰৰ মন্ত্ৰী-বিধায়কে শ শ মানুহ লৈ বনভোজ খাই থাকি বিহুক লৈ ক'ভিড SOP জাৰি কৰাটো হাস্যকৰ বুলি মন্তব্য জাতীয়তাবাদী শিবিৰৰ নেতা গৰাকীৰ (Lurin Jyoti gogoi reacting on SOP in Uruka) ৷ চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা সমষ্টিৰ খুমটাই চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত দেওবাৰে অসম জাতীয় পৰিষদৰ মাহমৰা সমষ্টি সমিতিৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি নেতা গৰাকীয়ে সাংবাদিকৰ আগত কৰিলে এই মন্তব্য ৷

ইয়াৰোপৰি জনজাতিকৰণৰ বিষয় সন্দৰ্ভতো সৰৱ হয় গগৈ (Lurin Jyoti gogoi reacting on ST Staus controversy) ৷ জনজাতিকৰণ বিষয়টোক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰাৰ অভিযোগ কৰে তেওঁ (Politics over ST status to six groups)। জনজাতিকৰণৰ বিষয়টোক লৈ চৰকাৰে বিভাজনৰ বীজ সিঁচি দিব খুজিছে আৰু মুখ্যমন্ত্ৰীৰ ভাষ্যত এই কথা প্ৰকাশ পাইছে বুলি মন্তব্য কৰে লুৰীণ জ্যোতি গগৈয়ে ৷

লগতে পঢ়ক : কংগ্ৰেছক আউটডেটেড আখ্যা সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.