ETV Bharat / state

সোণাৰিত জব্দ কাৰ্টন ভৰ্তি বিলাতী সুৰাসহ তিনিখন বাহন

author img

By

Published : Jul 20, 2020, 8:39 PM IST

illegal-liquor-seized-at_sonari-saraidew
সোণাৰিত স্থানীয় লোকে জব্দ কৰিলে কাৰ্টুন ভৰ্তি বিলাতী সুৰাসহ তিনিখন বাহন

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাত সোমবাৰে স্থানীয় ৰাইজে জব্দ কৰিলে প্ৰায় নব্বৈ কাৰ্টন বিলাতী সুৰা কঢ়িয়াই নিয়া তিনিখনকৈ অ'ট । বহুদিনৰ পৰাই অঞ্চলটোৰে একাংশ অসাধু লোকে অবৈধভাৱে সৰবৰাহ কৰি আহিছে বিলাতী সুৰা ।

সোনাৰি,২০ জুলাই: বহুদিনৰ পৰাই চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাৰ পথটোৰে দৈনিক সৰবৰাহ হয় অবৈধ বিলাতী সুৰা । তাৰোপৰি অঞ্চলটোতো এচাম অসাধু লোকে চলাই আহিছে বিলাতী সুৰাৰ এখন অবৈধ বেহা । এই বিষয়ে স্থানীয় লোকসকলে আৰক্ষীক অৱগত কৰি আহিছে যদিও আৰক্ষীয়ে লোৱা নাছিল কোনো বিহিত ব্যৱস্থা । সেয়েহে অৱশেষত ওলাই আহিল একাংশ সচেতন স্থানীয় লোক । জব্দ কৰিলে প্ৰায় নব্বৈ কাৰ্টন বিলাতী সুৰা কঢ়িয়াই নিয়া তিনিখনকৈ অ'ট ।

সোণাৰিত স্থানীয় লোকে জব্দ কৰিলে কাৰ্টুন ভৰ্তি বিলাতী সুৰাসহ তিনিখন বাহন

উল্লেখ্য যে,অসম নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা আৰক্ষী থানাৰ সন্মুখেৰে নিতৌ সৰবৰাহ হয় অবৈধ সুৰা । আৰক্ষীৰ এনে নিশ্চুপ ভুমিকাক লৈ এতিয়া সৰৱ হৈছে সীমান্তৱৰ্তী ৰাইজ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.