ETV Bharat / state

Charaideo Mahotsav 2023: চৰাইদেউ মৈদামত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ

author img

By

Published : Jan 8, 2023, 1:34 PM IST

Charaideo Mahotsav 2023 held at historic Charaideo Maidam grounds from Saturday
চৰাইদেউ মহোৎসৱ 2023

উখল-মাখল ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰ ৷ শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ (Charaideo Mahotsav 2023) ৷

চৰাইদেউ মহোৎসৱ 2023

ডিব্ৰুগড়, 8 জানুৱাৰী: ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত শনিবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ 2023 (Charaideo Mahotsav 2023) ৷ চৰাইদেউবাসীৰ উদ্যোগত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই মহোৎসৱক লৈ মৈদামক্ষেত্ৰত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে (Historic Charaideo Maidam grounds)।

মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে জিলা উপায়ুক্ত পল বৰুৱাই ৷ বিশিষ্ট সমাজকর্মী শৈলেন ফুকনে গছপুলি ৰোপণ কৰাৰ পাছত টাই পুৰোহিতৰ দ্বাৰা বান ফি পূজা সম্পন্ন কৰা হয় । ইয়াৰ পাছত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে মহোৎসৱখনী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে (MP Topon Kumar Gogoi) ৷

মহোৎসৱ উদ্বোধন কৰি দিয়া ভাষণত সাংসদ তপন কুমাৰ গগৈয়ে কয় যে, চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰিবৰ বাবে বৰ্তমানৰ চৰকাৰখনে যাৱতীয় প্ৰস্তাৱ ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু অচিৰেই আহোম ৰাজত্বকালৰ এক সুকীয়া পৰিচয় বহন কৰা চৰাইদেউৱে বিশ্বৰ ঐতিহ্যক্ষেত্ৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ব ৷ চৰাইদেউ মহোৎসৱে এইক্ষেত্ৰত এক অনুঘটকৰ ভূমিকা গ্ৰহণ কৰা বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ৷

ইয়াৰ পাছতে গ্ৰন্থ বিপণি আৰু জনগোষ্ঠীয় খাদ্যমেলা শুভ উদ্বোধন কৰে ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে (Minister jogen mohan)। মন্ত্ৰী মহনে তেওঁৰ ভাষণত চৰাইদেউ মহোৎসৱে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভাব গঢ়ি তোলাৰ লগতে এই মহোৎসৱৰ জৰিয়তে অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ বিকাশ সাধন কৰা বুলি উল্লেখ কৰে ৷

উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট বুৰঞ্জীবিদ ড৹ যোগেন্দ্ৰনাথ ফুকনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ সন্ধিয়ালৈ চৰাইদেউ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ এখন শুভ উন্মোচন আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

আনহাতে, দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা সমূহীয়া দৌৰ, পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা, চিত্ৰাংকণ, ৰচনা আৰু দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । সন্ধিয়া মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব । মুকলি সভাত বহুকেইজন বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকিব ৷ উল্লেখ্য, চৰাইদেউ মহোৎসৱ উপলক্ষে চৰাইদেউ মৈদামস্থলীৰ সমীপত আটকধুনীয়াকৈ ৰংঘৰৰ আৰ্হিত মূল তোৰণ সজাই তোলাৰ লগতে বিশাল ৰভা মণ্ডপ, গ্ৰন্থ বিপণি আৰু জনগোষ্ঠীয় খাদ্যমেলাত অসমৰ লগতে চুবুৰীয়া নগালেণ্ড আৰু অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীয় খাদ্যসম্ভাৰ বিপণিসমূহত উপলব্ধ হৈছে ৷

লগতে পঢ়ক: Samriddhi poultry project: সমৃদ্ধি প’লট্ৰি প্ৰকল্পৰ স্থান পৰিদৰ্শন অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.