ETV Bharat / state

Samriddhi poultry project: সমৃদ্ধি প’লট্ৰি প্ৰকল্পৰ স্থান পৰিদৰ্শন অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

author img

By

Published : Jan 8, 2023, 8:00 AM IST

"সমৃদ্ধি প’লট্ৰি"ৰ হাঁহ-কুকুৰা প্ৰকল্পৰ স্থান পৰিদৰ্শন অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ (Samriddhi poultry project)। এই প্ৰকল্পৰ অধীনত বহুকেইগৰাকী জনজাতীয় মহিলাক উচ্চ উৎপাদনক্ষম কুকুৰা, আধুনিক A প্ৰজাতিৰ কুকুৰা, ঔষধ আৰু হাঁহ-কুকুৰাৰ বাবে আধুনিক A টাইপ পিঞ্জৰা প্ৰদান কৰিছে উপাচাৰ্যগৰাকীয়ে ।

Assam Agricultural University VC inspected the Samriddhi poultry project site in Jorhat
সমৃদ্ধি প’লট্ৰি প্ৰকল্পৰ স্থান পৰিদৰ্শন অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

Assam Agricultural University VC inspected the Samriddhi poultry project site in Jorhat
সমৃদ্ধি প’লট্ৰি প্ৰকল্পৰ স্থান পৰিদৰ্শন অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

যোৰহাট, 8 জানুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ (State Innovation and Transformation Aayog) জৰিয়তে ৰূপায়ন কৰিছে "সমৃদ্ধি প’লট্ৰি" শীৰ্ষক প্ৰকল্প (Samriddhi Poultry) ৷ এই প্ৰকল্পটো শুকুৰবাৰে অৰ্থাৎ ৬ জানুৱাৰীত অসম কৃষি বিশ্ববিদ্যালয়ৰ (AAU VC Bidyut Chandan Deka) উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই পৰিদৰ্শন কৰে ৷ লগতে এই প্ৰকল্পৰ শেহতীয়া অগ্ৰগতিও পৰ্যবেক্ষণ কৰে উপাচাৰ্যগৰাকীয়ে ।

গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ অৰ্থনৈতিক স্থিতি সৱলীকৰণৰ বাবে অভিনৱ পদ্ধতিৰে ৰূপায়ন কৰা এই আচঁনিৰ অধীনত কামৰূপ মহানগৰ জিলাৰ ডিম’ৰিয়া উন্নয়ন ব্লকৰ অন্তৰ্গত গোৰিয়াঘুলি ক্লাষ্টাৰৰ অধীনত ৰূপায়ন কৰা হৈছে এই আঁচনি (Assam Agricultural University) । আঁচনিখনৰ জৰিয়তে এখন আদৰ্শ কণী উৎপাদন কৰা গাঁও গঢ় দিয়াৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে (Sita Project) ।

এই প্ৰকল্পৰ অধীনত ৩০ গৰাকী জনজাতীয় মহিলা হিতাধিকাৰীক উচ্চ উৎপাদনক্ষম বাণিজ্যিক গ্ৰেডৰ কুকুৰা, আধুনিক A টাইপৰ কুকুৰা, খাদ্য, ঔষধ আৰু সময়ে সময়ে টীকাকৰণ, হাঁহ-কুকুৰাৰ বাবে আধুনিক A টাইপ পিঞ্জৰা প্ৰদান কৰা হৈছে । উপাচাৰ্যৰ ভ্ৰমণকালতে প্ৰকল্পস্থলীত "বাণিজ্যিক হাঁহ-কুকুৰাৰ বৈজ্ঞানিক ব্যৱস্থাপনা" বিষয়ক সামৰ্থ বিকাশৰ প্ৰশিক্ষণো অনুষ্ঠিত কৰা হয় (AAU VC inspected Samriddhi poultry project)।

কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰাৰ গৱেষণা সঞ্চালকালয় (পশু চিকিৎসা)ৰ দ্বাৰা ৰূপায়িত এই আচঁনিৰ প্ৰশিক্ষণত উপাচাৰ্য ড৹ ডেকাই বিজ্ঞান সন্মত পদ্ধতিৰে উচ্চ উৎপাদনক্ষম হাঁহ-কুকুৰা পালন কৰি আৰ্থিকভাৱে স্বচ্ছল হ’ব পৰা প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰে । হিতাধিকাৰীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰি লেয়াৰ ফাৰ্মিঙৰ পৰামৰ্শ দিয়ে যাতে আন কৃষক অথবা যুৱক-যুৱতীসকলো উপকৃত হ’ব পাৰে ।

এই পদক্ষেপৰ সফলতাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে সম্পূৰ্ণ সহায় সহযোগ কৰাৰ আশ্বাস দিয়ে । এই পৰিদৰ্শন কালত উপাচাৰ্যৰ সৈতে গৱেষণা সঞ্চালক (পশুপালন) ড৹ নিৰঞ্জন কলিতা, যুটীয়া পঞ্জীয়ক ড৹ বি কে শৰ্মা, গৱেষণাৰ উপ সঞ্চালক (পশুপালন) ড৹ বি এন ভট্টাচাৰ্য, ড৹ মিহিৰ শৰ্মা, ড৹ জে ডি মহন্ত, ড৹ লিমা বৰা, ড৹ পংকজ ডেকা আৰু ড৹ সংগীতা দাসে অংশগ্ৰহণ কৰে ।

'সমৃদ্ধি হাঁহ-কুকুৰা' (Samriddhi poultry project) আঁচনিৰ মূল লক্ষ্য হৈছে ক্ষুদ্ৰ ব্যৱসায়িক স্তৰৰ খেতি, জীৱিকা আৰু পুষ্টি সুৰক্ষাৰ বাবে আৰু অসমত আদৰ্শ কণী গাঁৱৰ উন্নয়নৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ মহিলাক সৱল কৰা । এই প্ৰকল্পৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ পৰিয়ালত কণীৰ উৎপাদন আৰু ব্যৱহাৰ বৃদ্ধি পাব ৷ যাৰ ফলত পৰিয়ালটোৰ পুষ্টিৰ লগতে অৰ্থনৈতিক অৱস্থাও যথেষ্ট উন্নত হ’ব আৰু ই আত্মনিয়োগ আৰু জীৱিকাৰ সুৰক্ষাৰ আহিলা হিচাপে কাম কৰিব ।

অসমত কণী উৎপাদন বৃদ্ধি কৰাৰ উপৰিও হাঁহ-কুকুৰাৰ জৰিয়তে গ্ৰাম্য মহিলাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে উন্নত হাঁহ-কুকুৰা পালন জৰিয়তে একো একোজন লোক স্বাৱলম্বী হোৱাৰ লগতে অন্য কেইবাজনো ব্যক্তিৰ বাবে কৰ্মস্থাপনৰ পথ মুকলি কৰিব পাৰে । সেয়েহে অসম কৃষি বিশ্ববিদ্যালয়ে উক্ত ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিৰ আহিছে ।

লগচে পঢ়ক: NF Railway GM: ৰঙাপৰাত কেইবাটাও প্ৰকল্প উদ্বোধন এন এফ ৰেলৱেৰ মহাপ্ৰবন্ধকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.