ETV Bharat / state

চফ্ৰাইৰ শিশুটিক দেউতাকেই তুলি দিলে নেকি মৃত্যুৰ কোলাত !

author img

By

Published : Aug 11, 2021, 6:55 PM IST

Updated : Aug 15, 2021, 12:46 AM IST

এগৰাকী পাঁচ বছৰীয়া শিশুৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে চৰাইদেউত ৷ হত্যাৰ সন্দেহ কৰা হৈছে শিশুটিক ৷ সন্দেহৰ আঙুলি খোদ শিশুটিৰ পিতৃলৈ ৷ ঘটনা সন্দেহত এগৰাকী তান্ত্ৰিকো গ্ৰেপ্তাৰ ৷ পঢ়ক সবিশেষ ৷

AS_SVR_11TH_AUG_804_CHILD_BODY_FOUND_AS10042
চফ্ৰাইৰ শিশুটিক দেউতাকেই তুলি দিলে নেকি মৃত্যুৰ কোলাত !

শিৱসাগৰ, 11 আগষ্ট : এটা মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃতদেহটো এগৰাকী চাৰি বছৰীয়া কন্যাৰ ৷ নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো ৷ প্ৰথম নীৰিক্ষণত এই ঘটনাক আপুনি হয়তো ধৰ্ষণ কৰি হত্যা কৰা বুলিয়েই ভাবিব ৷ কিন্তু নহয়, তাতোকৈও এক ভয়ানক ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে ৷

চৰাইদেউ জিলাৰ সোণাৰিৰ চফ্ৰাই চিংলো লাইনৰ চিংলো নদীত উদ্ধাৰ হৈছিল এগৰাকী চাৰি কন্যাৰ মৃতদেহ ৷ মৃতদেহটো উদ্ধাৰৰ পাচত ৰাইজে সন্দেহ কৰিছিল এয়া ধৰ্ষণ বুলি ৷ কিন্তু তাৰ মৃতদেহৰ সমীপত উদ্ধাৰ হোৱা কেতবোৰ সামগ্ৰীয়ে এই ঘটনাক এক নতুন মোৰ দিয়ে ৷

যি স্থানত মৃতদেহটো উদ্ধাৰ হৈছিল, তাৰ ঠিক কাষতে পৰি আছিল ফুল, চাকি, কলহ আদি কেতবোৰ পূজাৰ সামগ্ৰী ৷ যিয়ে এই ঘটনাক ৰূপ দিয়ে নৰবলিৰ ৷ কিন্তু কোনে কিয় এই কাৰ্য কৰিলে ? মৃতদেহত আছিল নেকি তেনে কোনো চিন ? আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান ৷

চফ্ৰাইৰ শিশুটিক দেউতাকেই তুলি দিলে নেকি মৃত্যুৰ কোলাত !

শোৱাপাটীৰ পৰাই নোহোৱা হৈছিল কণমানিজনী ৷ নিশা আইতাকৰ সৈতে শুই আছিল তাই ৷ কিন্তু পুৱা যেতিয়া সকলো শোৱাৰ পৰা উঠে, দেখে যে কণমানিজনী বিচনাত নাই ৷ বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ ওলোৱা নাছিল কনমানিজনীৰ ৷ বুধাবাৰে পুৱা চিংলো নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল কনমানিজনীৰ মৃতদেহ ৷

ডিঙিত আছিল আঘাতৰ চিন ৷ আৰক্ষী আহিল, মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰম্ভ কৰিলে তদন্ত ৷ ইতিমধ্যে মুঠ দহজন লোকক সন্দেহৰ ভিত্তিত আটক কৰিছিল আৰক্ষীয়ে ৷ কিন্তু তিনিজনক জিম্মাত ৰাখি বাকী সাতজনক সোধ-পোচ কৰি এৰি দিয়া হয় ৷ আশ্চৰ্যজনকভাৱে তাৰ মাজত আছে শিশুটিৰ পিতৃ আন্তা মুণ্ডা, এগৰাকী তান্ত্ৰিক বগাধৰ মুণ্ডা আৰু ৰাজু মুণ্ডা ৷

লগতে পঢ়কঃ দৰাই কইনা নিবলৈ অহাৰ পাছতে লাগিল অথন্তৰ...

কিন্তু নিজ পিতৃয়ে কেনেকৈ সংঘটিত কৰিব পাৰে এই জঘন্য কাণ্ড, তাক লৈও উঠিছে প্ৰশ্ন ৷

স্থানীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি মৃত কন্যা গৰাকী আছিল আন্তা মুণ্ডাৰ ষষ্ঠগৰাকী জীয়ৰী ৷ শিশুটিৰ জন্মৰ পাচতে মৃত্যু হৈছিল আন্তাৰ পত্নীৰ ৷ তেতিয়াৰে পৰা আন্তা কিছু হতাশ হৈ পৰিছিল ৷ তন্ত্ৰ-মন্ত্ৰত বিশ্বাসী আন্তা মুণ্ডাক প্ৰৰোচনা কৰিছিল তান্ত্ৰিক বগাধৰ মুণ্ডাই ৷ বগাধৰৰ প্ৰৰোচনাত পৰিয়েই আন্তাই এইদৰে কন্যা সন্তানটিক নিজ হাতে মৃত্যুৰ কোলাত তুলি দিয়া বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

ইতিমধ্যে সোণাৰি থানাত ঘটনা সন্দৰ্ভত 162/21 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 457, 448, 363(a) ধাৰাৰ অধীনত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । তদন্তৰ অন্ততহে সমস্ত ঘটনা পোহৰলৈ আহিব বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ৷

এই ঘটনাই ভবাই তুলিছে, কেনেকৈ ইমান অধোগতি ঘটিব পাৰে মানৱীয় প্ৰমূল্যৰ ৷ কেৱল অন্ধ বিশ্বাসৰ বলি হৈয়েই কোনোবাই এনে কাণ্ড সংঘটিত কৰিব পাৰে নে ? নে ইয়াৰ আঁৰত আছে কিবা অন্য ৰহস্য ৷

লগতে পঢ়কঃ দিল্লীত সৰ্বানন্দ সোণোৱালৰ সৈতে অসমীয়া খাদ্যৰ জুটি ল’লে লাভলীনাই

Last Updated : Aug 15, 2021, 12:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.