ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 21, 2022, 9:06 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Student death in IIT Kharagpur: ফাইজান আহমেদৰ মৃত্যুৰ তদন্তত পশ্চিমবংগৰ মুখ্যমন্ত্রীলৈ অসমৰ মুখ্যমন্ত্রীৰ পত্র

খড়গপুৰ আই আই টিত অসমৰ ছাত্ৰৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত পুংখানুপুংখ অনুসন্ধানৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । খড়গপুৰ আই আই টিৰ তৃতীয় বৰ্ষৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰজনক ১৪ অক্টোবৰত ছাত্ৰাৱাসৰ কোঠাত মৃত অৱস্থাত পোৱা গৈছিল (IIT kharagpur) ।

Two Students Missing: টিউশ্যনলৈ যোৱাৰ পথতে ৰহস্যজনকভাবে নিৰুদ্দেশ দুই ছাত্ৰ

ৰাজ্যত সঘনাই বৃদ্ধি হ’বলৈ ধৰিছে শিশু নিৰুদ্দেশৰ ঘটনা ৷ এইবাৰ বোকাখাতত টিউশ্যনলৈ যোৱাৰ পথতে বৃহস্পতিবাৰে ৰ'জ ইংলিছ হাই স্কুলৰ দুজনকৈ ছাত্ৰ নিৰুদ্দেশ হয় (Two students missing at Bokakhat)৷ নিৰুদ্দেশ হোৱা ছাত্ৰ দুজন হৈছে বিমল কুটুম আৰু কৌশল খণ্ডাইত। নৱম শ্ৰেনীত অধ্যয়নৰত আছিল ছাত্ৰ দুজন (Missing case at Bokakhat)৷ বৃহস্পতিবাৰে বিদ্যালয় বন্ধ থকাৰ পাছতো ব্যক্তিগত পাঠদানৰ বাবে পুৱা ঘৰৰ পৰা ওলাই গৈছিল ছাত্ৰ দুজন ৷ বিমল কুটুম নামৰ ছাত্ৰজনৰ ঘৰ বোকাখাত পানবাৰী আদৰ্শ মিছিং গাঁৱত আৰু কৌশল খণ্ডাইতৰ ঘৰ বোকাখাতৰ গোঁসাইবাৰীত ৷ বিদ্যালয় বন্ধ থকাৰ দিনত ব্যক্তিগত পাঠদান আৰু ফলাফল লোৱাৰ বাবে পুৱাতে ঘৰৰ পৰা ওলাই অহা ছাত্ৰ দুজন সন্ধিয়ালৈকে ঘৰলৈ ঘূৰি নহাত দুয়ো পৰিয়ালৰ লোকে বোকাখাত থানাত নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰিছে ৷

Withdraws AFSPA from Karbi Anglong: পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা AFSPA প্ৰত্যাহাৰ

কাৰ্বি আংলং জিলাৰ বাবে সুখবৰ । অসম চৰকাৰে বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা ‘অশান্ত অঞ্চল’ৰ নাম প্ৰত্যাহাৰ কৰে (Assam govt withdraws AFSPA from Karbi Anglong) । ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত শেহতীয়া পৰ্যালোচনা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয় ।

APCC Press Conference: 1 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা

অহা 1 নৱেম্বৰত ধুবুৰীৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা (Bharat jodo yatra in Assam)৷ এই যাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰাৰ লগতে নিখিল ভাৰত কংগ্ৰেছ নেত্ৰী তথা গান্ধী পৰিয়ালৰ ফালৰ পৰা প্ৰিয়ংকা গান্ধীৰ (Congress leader Priyanka Gandhi) উপৰিও জ্যেষ্ঠ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং (Congress leader Jitendra singh) আৰু অসমৰ বহু কেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকিব ৷

চুৰিকাণ্ডৰ সাক্ষ্য প্ৰদানক কেন্দ্ৰ কৰি গটঙাত মাৰপিটৰ সুত্ৰপাত

হঠাৎ উত্তপ্ত হৈ পৰিল চামগুৰিৰ গটঙা ৷ এটা চুৰিকাণ্ডৰ সন্দৰ্ভত সাক্ষ্য প্ৰদানক কেন্দ্ৰ কৰি বুধবাৰে নিশা গটঙাত দুটা পক্ষৰ মাজত মাৰপিটৰ সুত্ৰপাত হয় (Fighting between the two parties at Samaguri) । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, গটঙাৰ এটা পানীযোগান আঁচনিৰ সামগ্ৰী চুৰি হোৱাৰ সন্দৰ্ভত আইনুল হক নামৰ লোকজনে আৰক্ষীৰ সন্মুখত সাক্ষ্য প্ৰদান কৰিছিল ৷ যাৰ অভিযোগতে চোৰৰ চক্ৰটোৱে আদবাটতত আগচি ধৰি আইনুল হকক বেয়াকৈ প্ৰহাৰ কৰি পথৰ দাঁতিত পেলাই থৈ যায় (Man injured in clash at Samaguri)৷

Tripura Education Minister : ত্ৰিপুৰাৰ ৩৬ খন বিদ্যালয়ত চাকমা ভাষাত শিক্ষা

আজি সন্ধিয়া ত্ৰিপুৰা বিধানসভা সচিবালয়ত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী নাথে কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰী আঁচনিৰ অধীনত ৰাজ্যজুৰি ১৫৬ খন বিদ্যালয়ক আদৰ্শ বিদ্যালয় (model schools under PM Shri scheme) হিচাপে চিনাক্ত কৰা হ'ব (156 schools for PM Shri scheme in Tripura) ।

Sankardev Controversy in Majuli : জনাৰ্দ্দন দেৱগোস্বামীক কঠোৰ সকীয়নি মাজুলী সত্ৰ মহাসভাৰ

৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে সামাজিকভাৱে বৰ্জনৰ সিদ্ধান্তও গ্রহণ কৰা হয় । লগতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে (Majuli Satra Mahasabha warns Janarddan Goswami) ।

Anjali Dutta memorial Lecture: শিৱসাগৰত অষ্টাদশ অঞ্জলী দত্ত স্মাৰক বক্তৃতা অনুষ্ঠান

শিৱসাগৰত অষ্টাদশ অঞ্জলী দত্ত স্মাৰক বক্তৃতা (18th Anjali Dutta Memorial Lecture) আৰু "দ্য অঞ্জন দত্ত ফাউণ্ডেচন" ৰ কৃতী ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় (18th Anjali Dutta Memorial Lecture in Shivsagar) ৷

Mor ghorar duronto goti,মহৰ্ষি তুহিন-অতুল পাচনীৰ সহযোগিতাৰে অস্কাৰলৈ এণ্ট্ৰি প্ৰথমখন অসমীয়া চুটি ছবিৰ

গৌৰাৱান্বিত অসম, গৌৰাৱান্বিত ভাৰত ৷ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত এটা প্ৰকল্পৰ বাবে কলকাতাৰ সত্যজিত ৰায় ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটত অধ্যয়নৰত অসমৰ এজন ছাত্ৰই নিৰ্মাণ কৰা এখন চুটি ছবিয়ে এণ্ট্ৰি লাভ কৰিছে অস্কাৰত (Assamese short film mor ghorar duronto goti) ৷ গুৱাহাটীৰ নিৱাসী মহৰ্ষি তুহিন কাশ্যপৰ এই অভূতপূৰ্ব সফলতাই আৰু অধিক চহকী কৰি তুলিলে অসমৰ সাংস্কৃতিক তথা চলচ্চিত্ৰ জগতখনৰ মানদণ্ড ৷

One died in abroad: বহিঃৰাজ্যত মৃত্যু আমগুৰিৰ যুৱকৰ

কৰ্মৰ সন্ধানত চেন্নাই অভিমুখে ৰাওনা হৈছিল আমগুৰি অভয়পুৰীয়া গাঁৱৰ বিপ্লৱ গগৈ ৷ কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস ৷ হাওৰা ষ্টেচনত কালি বিপ্লৱৰ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হয় মৃতদেহ (Amguri boy died in Howrah)৷ দু:খবৰটো লাভ কৰাৰ পাছতে কান্দোনৰ ৰোল উঠিছে সদ্যপ্ৰয়াত বিপ্লৱ গগৈৰ ঘৰত ৷ তদুপৰি মৃতদেহটো সুদুৰ হাওৰা ষ্টেচনৰ পৰা আমগুৰিলৈ আনিবলৈ সম্বল নাই দুৰ্ভগীয়া পৰিয়ালটোৰ ৷ পত্নীয়ে নিজৰ চাৰি বছৰীয়া পুত্ৰ সন্তানক লৈ আমগুৰি আৰক্ষী থানাত কান্দোনত ভাগৰি পৰিছে ৷ পৰিয়ালটোৱে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মানৱ দৰদী ব্যক্তিৰ পৰা বিচাৰিছে আৰ্থিক সহায় যাতে পৰিয়ালটোৰ ভৰণ পোষণৰ বাবেই কাম বিচাৰি গৈ মৃত্যুক সাৱটি লোৱা স্বামীৰ মুখখন শেষবাৰৰ বাবে চাবলৈ পায় দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.