ETV Bharat / state

Student death in IIT Kharagpur: ফাইজান আহমেদৰ মৃত্যুৰ তদন্তত পশ্চিমবংগৰ মুখ্যমন্ত্রীলৈ অসমৰ মুখ্যমন্ত্রীৰ পত্র

author img

By

Published : Oct 20, 2022, 10:39 PM IST

Assam CMs letter to West Bengal CM
ফাইজান আহমেদৰ মৃত্যুৰ তদন্তত পশ্চিমবংগৰ মুখ্যমন্ত্রীলৈ অসমৰ মুখ্যমন্ত্রীৰ পত্র

খড়গপুৰ আই আই টিত অসমৰ ছাত্ৰৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত পুংখানুপুংখ অনুসন্ধানৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । খড়গপুৰ আই আই টিৰ তৃতীয় বৰ্ষৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰজনক ১৪ অক্টোবৰত ছাত্ৰাৱাসৰ কোঠাত মৃত অৱস্থাত পোৱা গৈছিল (IIT kharagpur) ।

গুৱাহাটী, ২০ অক্টোবৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খড়গপুৰ আই আই টিত অধ্যয়নৰত অসমৰ তিনিচুকীয়া জিলাৰ ফাইজান আহমেদ নামৰ ছাত্ৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত থকা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যথাযথ তদন্তৰ বাবে হস্তক্ষেপ বিচাৰি আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এক পত্ৰ প্ৰেৰণ কৰে (Assam CMs letter to West Bengal CM) ।

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ফাইজান আহমেদ নামৰ খড়গপুৰ আই আই টিৰ তৃতীয় বৰ্ষৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰজনক ১৪ অক্টোবৰত ছাত্ৰাৱাসৰ কোঠাত মৃত অৱস্থাত পোৱা গৈছিল । মৃতদেহ প্ৰত্যক্ষ কৰি ছাত্ৰজনৰ অভিভাৱকে পশ্চিমবংগৰ খড়গপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত গোচৰ তৰাৰ লগতে পশ্চিম মেদিনীপুৰৰ আৰক্ষী অধীক্ষককো তদন্তৰ বাবে অনুৰোধ জনাইছিল (Tinsukia boy found dead in IIT Kharagpur)।

সমগ্ৰ ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পেলোৱা এই মেধাবী ছাত্ৰজনৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঘটনাৰ পুংখানুপুংখ অনুসন্ধানৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হস্তক্ষেপ কামনা কৰি আজি এক পত্ৰ প্ৰেৰণ কৰিছে (Assam student death in IIT Kharagpur) ৷

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা শুকুৰবাৰে পশ্চিমবংগৰ আই আই টি খড়গপুৰৰ (IIT kharagpur) লালা লাজপত ৰয় ছাত্ৰাবাসত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ মৃত ছাত্ৰজন তিনিচুকীয়া জিলাৰ চান্দমাৰি তিনিআলিৰ ফাইজান আহমেদ (23) বুলি চিনাক্ত কৰা হৈছেল (Tinsukia boy found dead in IIT Kharagpur) ৷

জানিব পৰা মতে, ফাইজান কেইবাদিনো ধৰি হোষ্টেলৰ কোঠাৰ পৰা ওলোৱা নাছিল ৷ ফাইজানক নেদেখি সহপাঠীৰ লগতে পৰিয়ালৰ লোকে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ফাইজানে ফোনৰ প্ৰত্যুত্তৰ দিয়া নাছিল ৷ ফাইজানৰ এই কাৰ্যই সকলোকে চিন্তাত পেলাইছিল ৷ তাৰ পিছতে তেওঁৰ সহপাঠীসকলে দুৱাৰ খুলি কোঠাটোত প্ৰৱেশ কৰাৰ লগে লগে ফাইজানৰ মৃতদেহ মজিয়াত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগেলগে সহপাঠীসকলে আই.আই.টিৰ ছাত্ৰাবাসৰ নিৰাপত্তাৰক্ষীসকলক ঘটনাটো অৱগত কৰোৱায় ৷

সহপাঠীৰ ভাষ্য অনুসৰি ফাইজানে বাস কৰা ছাত্ৰাবাসৰ কোঠাটোত কেইবাদিনৰ পৰা দুৰ্গন্ধ ওলাই আছিল ৷ নিৰাপত্তাৰক্ষীয়ে খড়গপুৰ নগৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত জনায় ৷ খড়গপুৰ আৰক্ষীয়ে খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ ফাইজানৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ইয়াৰ পাছতে হিজলি আউট পোষ্টৰ আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহটো খড়গপুৰ উপ-বিভাগীয় চিকিৎসালয়লৈ লৈ যায় ৷ উল্লেখ্য যে, ফাইজান আই আই টিৰ মেকানিকেল ইঞ্জিনীৰিঙৰ (Mechanical Engineering Student) তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল ৷

লগতে পঢ়ক: IIT খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.