ETV Bharat / state

উত্তেজনা অব্যাহত অসম-মিজোৰাম সীমান্তত

author img

By

Published : Oct 19, 2020, 10:05 AM IST

দেওবাৰে অসম-মিজোৰামৰ অশান্ত সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে প্ৰাক্তন সাংসদ সুস্মিতা দেৱ আৰু প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ৷ সীমান্তৱৰ্তী অঞ্চলটোত এতিয়াও অব্যাহত আছে তীব্ৰ উত্তেজনা ৷

Tensions remain Assam Mizoram border area cachar assam etv bharat news
অসম-মিজোৰাম সীমান্তত উত্তেজনা

কাছাৰ,19 অক্টোবৰ: অসমৰ ভূমি দখলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত আছে কাছাৰৰ সমীপৰ অসম-মিজোৰাম সীমান্তত ৷ পৰিস্থিতি পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ বিষয়-ববীয়াসকলে পৃথকে পৃথকে বৈঠকত মিলিত হ’লেও শাম কটা নাই উত্তপ্ত পৰিস্থিতি ৷ দেওবাৰে অশান্ত সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে প্ৰাক্তন সাংসদ সুস্মিতা দেৱ আৰু প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে ৷ সীমান্তৱৰ্তী অঞ্চলটোৰ লাইলাপুৰত উপস্থিত হৈ প্ৰাক্তন জন প্ৰতিনিধি দুগৰাকীয়ে স্থানীয় ৰাইজৰ মনৰ বুজ লোৱাৰ লগতে শেহতীয়া পৰিস্থিতি পৰিদৰ্শন কৰে ৷ লগতে বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক সুকীয়া বৈঠকত মিলিত হোৱাৰ আশ্বাস প্ৰদান কৰে সুস্মিতা দেৱে ৷

Tensions remain Assam Mizoram border area cachar assam etv bharat news
তীব্ৰ উত্তেজনা অব্যাহত

লগতে চাওকঃ সত্যৰঞ্জন বৰাক কেন্দ্ৰ কৰি উত্তপ্ত জাজৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.