ETV Bharat / state

আৰক্ষীৰ অভিযান : প্ৰত্যেক দিনেই কি চলে অভিজাত পাৰ্লাৰত ?

author img

By

Published : Dec 16, 2020, 1:44 PM IST

স্পা পাৰ্লাৰত মঙলবাৰে নিশা অসামাজিক কাৰ্যৰ পম খেদি অভিযান চলায় শিলচৰ আৰক্ষীয়ে ৷ অভিযান কালত স্পা পাৰ্লাৰ পৰা বহুতো আপত্তিজনক সা-সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে ৷

police-raid-spa-parlor-in-silchar
প্ৰত্যেক দিনেই কি চ'লে অভিজাত পাৰ্লাৰত ?

কাছাৰ, 15 ডিচেম্বৰ: শিলচৰ চহৰৰ কেইবাখনো স্পা পাৰ্লাৰত মঙলবাৰে নিশা অসামাজিক কাৰ্যৰ পম খেদি অভিযান চলায় শিলচৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চহৰখনৰ কেইবাখনো অভিজাত পাৰ্লাৰত অনৈতিক কাৰ্য সম্পাদন হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷

এই অভিযোগৰ ভিত্তিতে শিলচৰ আৰক্ষীৰ এটা সজাতি দলে গোপন সুত্ৰৰ পম খেদি R.N. HEAVEN আৰু VLCC নামৰ দুখন স্পা পাৰ্লাৰত অভিযান চলায় ৷ আৰক্ষীৰ সুত্ৰই সদৰি কৰা অনুসৰি, অভিযান কালত স্পা পাৰ্লাৰ দুখনৰ পৰা বহুতো আপত্তিজনক সা-সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷ তদুপৰি পাৰ্লাৰ দুখনৰ পৰা তিনিগৰাকী যুৱতী আৰু দুজন যুৱকক আটক কৰা হয় বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:ৰঙাপৰাত বন্যহস্তীয়ে একেনিশাই ভাঙিলে 9 টাকৈ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.