ETV Bharat / state

বঙাইগাঁৱত চাঞ্চল্য: মহিলাক ধৰ্ষণৰ অপচেষ্টা চিকিৎসকৰ

author img

By

Published : Apr 1, 2022, 10:12 PM IST

manikpur attempt to rape
বঙাইগাঁৱত চাঞ্চল্য: মহিলাক ধৰ্ষণৰ অপচেষ্টা চিকিৎসকৰ

বঙাইগাঁৱৰ বালাৰচৰত সংঘটিত হৈছে এক নিৰ্লজ্জ কাণ্ড । নিচাাজাতীয় টেবলেট খুৱাই এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে (Woman accuses doctor of rape in Bongaigaon) ।

বঙাইগাঁও,০১ এপ্ৰিল: ভণ্ড চিকিৎসকৰ লাজ লগা কাণ্ডই জোকাৰিছে বঙাইগাঁৱৰ বালাৰচৰ । এগৰাকী মহিলাক নিচাজাতীয় টেবলেট খুৱাই ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে(Woman accuses doctor of rape in Bongaigaon) ।

ওচমানী বজাৰৰ আমিন মেডিকেলৰ স্বত্বাধিকাৰী তথা ঘৰুৱা চিকিৎসক ৰাজিবুল ইছলামে নিশা এগৰাকী মহিলাক চিকিৎসাৰ নামত নিচাজাতীয় টেবলেট খুৱাই ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । গা দুৰ্বল হোৱাৰ বাবে মহিলাগৰাকীয়ে চিকিৎসকজনৰ কাষ চপাৰ কথা উল্লেখ কৰে । পিছত চিকিৎসকজনে নিশা মহিলাৰ স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰলৈ গৈ এটা টেবলেট খাবলৈ দিয়ে ।

নিচাাজাতীয় টেবলেট খুৱাই এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে

মহিলাগৰাকীয়ে টেবলেট খোৱাৰ পিছতেই অচেতন হ’বলৈ ধৰাত চিকিৎসকজনে সুযোগ বুজি যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে । মুহুৰ্ততে মহিলাগৰাকীৰ স্বামী ঘৰত উপস্থিত হোৱাত পত্নীৰ এনে অৱস্থা দেখি চিকিৎসকজনক আটক কৰিবলৈ চেষ্টা কৰে যদিওঁ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে ।

নিশাই ঘৰখনত ওচৰ চুবুৰীয়া উপস্থিত হৈ চিকিৎসক ৰাজিবুল ইছলামৰ মোবাইল, ছেণ্ডেল আদি জব্দ কৰিবলৈ সক্ষম হয় । ঘটনা সংক্ৰান্তত নিশা ৰাইজমেল বহি চিকিৎসকক সমূহীয়া বিচাৰ কৰি জৰিমনা বিহা বুলি স্থানীয় ৰাইজে সদৰি কৰে ।

লগতে পঢ়ক : Firing in Dibrugarh: ডিব্ৰুগড়ত নিজকে গুলীয়ালে কিশোৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.