ETV Bharat / state

Shelter Camp at Madrasa: গ্ৰীষ্মৰ বন্ধ শেষ হ’লেও পাঠদান আৰম্ভ নহ’ল বঙাইগাঁৱৰ এখন মাদ্ৰাছাত

author img

By

Published : Jul 26, 2022, 9:36 PM IST

Shelter Camp at Madrasa
গ্ৰীষ্মৰ বন্ধ শেষ হ’লেও পাঠদান আৰম্ভ নহ’ল বঙাইগাঁৱৰ এখন মাদ্ৰাছাত

ৰাজ্যত গ্ৰীষ্মৰ বন্ধ(Summer vacation in Assam) শেষ হ’ল যদিও পাঠদান আৰম্ভ কৰিব পৰাকৈ সাজু হৈ নুঠিল বঙাইগাঁৱৰ এখন মাদ্ৰাছাত ৷ বানে সৰ্বস্বান্ত কৰা শতাধিক পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি থকাৰ ফলত শিক্ষাৰ্থীৰ বাবে খুলিব পৰা নহ’ল মাদ্ৰাছাখন ৷

মানিকপুৰ, 26 জুলাই: গ্ৰীষ্মৰ বন্ধ(Summer vacation in Assam) শেষ হ’ল যদিও পাঠদান আৰম্ভ নহ’ল বঙাইগাঁৱৰ এখন মাদ্ৰাছাত ৷ ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে মাদ্ৰাছাখনত আশ্ৰয় গ্ৰহণ কৰি আছে বানাক্ৰান্তই ৷ নৈৰ বুকুত ঘৰ-মাটি জাহ যোৱাত মাদ্ৰাছাখনেই একমাত্ৰ আশ্ৰয়স্থলী হৈ পৰাত শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷

বঙাইগাঁৱৰ তিলপুখুৰী এম ই মাদ্ৰাছাত আশ্ৰয় গ্ৰহণ কৰি আছে ১০৭ টা পৰিয়ালে (Flood effected people sheltering at Madrasa in Bongaigaon)৷ ২৫ জুলাইত ৰাজ্যৰ মাদ্ৰাছা-বিদ্যালয়সমূহৰ গৰমৰ বন্ধ শেষ হোৱাত আজিৰে পৰা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব লাগিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল । আই নৈৰ ভয়াবহ খহনীয়াত(Aie River erosion in Bangaigaon) নিজৰ ঘৰবাৰী হেৰুৱাই ২ নং বাশবাৰীৰ ১০৭ টা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে মাদ্ৰাছাখনত ।

গ্ৰীষ্মৰ বন্ধ শেষ হ’লেও পাঠদান আৰম্ভ নহ’ল বঙাইগাঁৱৰ এখন মাদ্ৰাছাত

ইফালে খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ নিৰ্মাণৰ বাবেও নাই ভূমি । যাৰবাবে ভূমিহীন লোকসকলে আশ্ৰয়গ্ৰহণৰ বিকল্পও নাই ।

আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খুলিছে যদিও তিলপুখুৰী এম ই মাদ্ৰাছাত(Flood relief camp Tilpukhuri ME Madrasa) পৰিয়ালসমূহ আশ্ৰয় গ্ৰহণ কৰি থকাৰ ফলত পাঠদান আৰম্ভ কৰিব পৰা নহ’ল । ফলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি খহনীয়াগ্ৰস্ত সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: School amalgamation in Teok: বিদ্যালয় একত্ৰিকৰণৰ বিৰোধিতাৰে শিক্ষকৰ ৰূপত অভিভাৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.