ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 4, 2022, 5:17 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Jihadi activities in Assam : অসমত মৌলবাদীৰ উত্থানক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী

বিগত পাঁচ মাহত অসম আৰক্ষীয়ে আনছাৰুল্লাহ বাংলা টিম চমুকৈ এবিটিৰ পাঁচটা মডিউল উৎখাত কৰিবলৈ সক্ষম হৈছে । এতিয়াও আৰক্ষীৰ জালত পৰা নাই বাংলাদেশৰ পাঁচটাকৈ জেহাদী । অসমত মৌলবাদীৰ উত্থানক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী (Jihadi activities in Assam)।

Nalbari Traffic Operation: নলবাৰীত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

নলবাৰীত যান-বাহন আইন উলংঘাকাৰীৰ ওপৰত কঠোৰ হৈছে যান-বাহন শাখাৰ আৰক্ষী (Nalbari Traffic police crack down on traffic law violations) । যান-বাহন আইন মানি নচলা চালকৰ ওপৰত কঠোৰ হৈ পৰিছে নলবাৰীৰ যান-বাহন শাখাৰ আৰক্ষী বিষয়াসকল । যান-বাহন আইন উলংঘাকাৰীৰ পৰা জিলাখনৰ যান-বাহন আৰক্ষী শাখাই সংগ্ৰহ কৰিছে ৫ লাখতকৈ অধিক জৰিমনাৰ ধন (5 lakh fine collected by Nalbari Traffic Police)।

Kishore Kumar birthday: চিৰসেউজ অভিনেতা কিশোৰ কুমাৰৰ জন্মদিনত চাওঁ আহক তেওঁৰ কেইটামান কমেডী চৰিত্ৰ

১৯২৯ চনৰ ৪ আগষ্টত জন্মগ্ৰহণ কৰা কিশোৰ কুমাৰৰ আজি ৯৩ সংখ্যক জন্ম জয়ন্তী । গীতত কণ্ঠদান কৰাৰ সমান্তৰালকৈ তেওঁ চিনেমাতো অভিনয় কৰিছিল ।

Massive fire in Jorhat: যোৰহাট নগৰত ভয়ংকৰ অগ্নিকাণ্ড: দপদপকৈ জ্বলিল এটা বাসগৃহ

বৃহস্পতিবাৰে যোৰহাটত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড(Massive fire breaks out in Jorhat)৷ যোৰহাট নগৰৰ ভোগদৈ নদীৰ সমীপত দীপক চাহু নামৰ এজন লোকৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷ আনহাতে, অগ্নিকাণ্ডৰ সময়ত এগৰাকী মহিলা সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় । উল্লেখযোগ্য যে, এই অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতি বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ৷

Protest of ATASU at Lakhimpur: লখিমপুৰত আঙুৰলতাৰ বিৰুদ্ধে আটাছুৰ প্ৰতিবাদ

বিজেপিৰ ৰাজ্য়িক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাৰ বিৰুদ্ধে কেইবাদিনৰ পৰা ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে তাই আহোম সকলৰ বিভিন্ন সংগঠনে(ATASU protest at Lakhimpur)। লখিমপুৰত বৃহস্পতিবাৰে সদৌ তাই আহোম ছাত্র সন্থা আটাছুৰ লখিমপুৰ জিলা সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰে ।

Baksa mobile tablets distribution program: বৰমাত জনজাতীয় শিক্ষাৰ্থীক টেবলেট প্ৰদান

জনজাতীয় শিক্ষাৰ্থীৰ উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশস্বৰূপে বৃহস্পতিবাৰে বাক্সাত জনজাতীয় শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হয় ম'বাইল টেবলেট আৰু বহী (Mobile tablet and Exercise book distributed among students)। জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন সঞ্চালকালয়ৰ উদ্যোগত বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে শিক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰে এই টেবলেটসমূহ (Barama MLA distributed mobile tablets among students)।

Har Ghar Tiranga: মৰিগাঁৱত ৭৫তম স্বাধীনতা দিৱস উদযাপন উপলক্ষে বিশেষ সজাগতা সভা

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস(75th Year of Independence Day of India) উপলক্ষে সমগ্ৰ দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ অনুষ্ঠিত হ'ব (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে ১৩, ১৪ আৰু ১৫ আগষ্টত এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga Abhiyan) ।

Protest in Sarthebari: চৰকাৰী সামগ্ৰী আত্মসাতৰ অভিযোগ গাঁও প্ৰধান-মণ্ডলৰ বিৰুদ্ধে

চৰকাৰী সকলো সামগ্ৰী হৰলুকি কৰিছে নামশালাৰ গাঁও প্ৰধান আৰু মণ্ডলে ৷ এই অভিযোগ সৰ্থেবাৰীৰ একাংশ লোকৰ ৷ যাৰ বিৰুদ্ধে বৃহস্পতিবাৰে সৰ্থেবাৰীৰ একাংশ বন্যাৰ্তই চক্ৰ বিষয়াৰ কাৰ্যালয়ত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Protest in Sarthebari) ৷

CWG 2022: হাই জাম্পত ভাৰতলৈ প্ৰথমটো পদক

কমনৱেলথ গেমছত হাই জাম্পত ভাৰতৰ প্ৰথমটো পদক দখল তেজস্বীন শংকৰৰ(CWG 2022)৷ প্ৰাক্তন বিশ্ব আৰু চি ডব্লিউ জি চেম্পিয়ন বাহামৰ ড’নাল্ড থমাছে তেজস্বীন শংকৰৰ ২.২২ মিটাৰৰ সৈতে সমতা স্থাপন কৰিছিল যদিও কম ফাউল কৰাৰ বাবে ভাৰতীয় খেলুৱৈগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়(Indian athlete earned the bronze ) ।

Faculty positions vacant in IIT: দেশৰ ২৩ খন IITত ৪,৫০০ৰো অধিক ফেকাল্টী পদ খালী

দেশৰ শিক্ষা মন্ত্ৰালয়ে(Ministry of Education) ৰাজ্য়সভাৰ ওচৰত সদৰী কৰিলে এক বিশেষ তথ্য । শিক্ষা মন্ত্ৰালয়ে ২৩ খন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৪,৫০০ ৰো অধিক ফেকাল্টী পদ খালী থকাৰ কথা সদৰি কৰে ৰাজ্যসভাত(Faculty positions vacant in 23 IIT) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.