Baksa mobile tablets distribution program: বৰমাত জনজাতীয় শিক্ষাৰ্থীক টেবলেট প্ৰদান

By

Published : Aug 4, 2022, 4:25 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

জনজাতীয় শিক্ষাৰ্থীৰ উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশস্বৰূপে বৃহস্পতিবাৰে বাক্সাত জনজাতীয় শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হয় ম'বাইল টেবলেট আৰু বহী (Mobile tablet and Exercise book distributed among students)। জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন সঞ্চালকালয়ৰ উদ্যোগত বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে শিক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰে এই টেবলেটসমূহ (Barama MLA distributed mobile tablets among students)। অনুষ্ঠানত সমষ্টিটোৰ ১০৭ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয় টেবলেট । এই অনুষ্ঠানত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বৰমাৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকে । টেবলেট বিতৰণৰ পাছতে স্থানীয় বিধায়কগৰাকীয়ে নিজৰ আনন্দ প্ৰকাশ কৰি কয় যে শিক্ষাৰ্থীসকলৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত সহায়ৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । আনহাতে ভবিষ্যতেও এনেধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে বিধায়কগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.