ETV Bharat / bharat

CWG 2022: হাই জাম্পত ভাৰতলৈ প্ৰথমটো পদক

author img

By

Published : Aug 4, 2022, 3:12 PM IST

Tejaswin Shankar claims India's first-ever medal in high jump
হাই জাম্পত ভাৰতলৈ প্ৰথমটো পদক

কমনৱেলথ গেমছত হাই জাম্পত ভাৰতৰ প্ৰথমটো পদক দখল তেজস্বীন শংকৰৰ(CWG 2022)৷ প্ৰাক্তন বিশ্ব আৰু চি ডব্লিউ জি চেম্পিয়ন বাহামৰ ড’নাল্ড থমাছে তেজস্বীন শংকৰৰ ২.২২ মিটাৰৰ সৈতে সমতা স্থাপন কৰিছিল যদিও কম ফাউল কৰাৰ বাবে ভাৰতীয় খেলুৱৈগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়(Indian athlete earned the bronze ) ।

নিউজ ডেস্ক,4 আগষ্ট: বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছ ২০২২ত বুধবাৰে ভাৰতৰ তেজস্বীন শংকৰে পুৰুষৰ হাই জাম্প ফাইনেলত ২.২২ মিটাৰ দৌৰত দখল কৰে ব্ৰঞ্জৰ পদক(CWG 2022)

পুৰুষৰ হাই জাম্প প্ৰতিযোগিতাত দেশৰ প্ৰথমটো এথলেটিকছ পদক লাভ কৰিবলৈ সক্ষম হৈছে ২৩ বছৰীয়া তেজস্বীন শংকৰে (Tejaswin Shankar claims India's first-ever medal in high jump)। বিশ্ব চেম্পিয়নশ্বিপৰ ইনড’ৰ ব্ৰঞ্জৰ পদক বিজয়ী হামিছ কেৰে ২.২৫ মিটাৰ সম্পূৰ্ণ কৰাৰ বাবে সোণৰ পদক লাভ কৰে আৰু কম ফাউলৰ সৌজন্যত অষ্ট্ৰেলিয়াৰ খেলুৱৈ চেম্পিয়ন ব্ৰেণ্ডন ষ্টাৰকক খেলৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হয় ।

ভাৰতৰ শংকৰে প্ৰথম প্ৰচেষ্টাত ২.১০ মিটাৰ সফল জাম্পেৰে খেলৰ আৰম্ভণি কৰে । শংকৰে প্ৰথম প্ৰচেষ্টাতে সহজতে ২.১৫ মিটাৰ হাৰ্ডল ক্লিয়াৰ কৰি এক মসৃণ জাম্প লয় । ২.১৯ মিটাৰ জাম্পটো শংকৰে আকৰ্ষণীয় ধৰণেৰে দিয়ে । প্ৰথম প্ৰচেষ্টাতে শংকৰে ২.২২ মিটাৰ জাম্প কৰাৰ পিছত গোটেই খেলখনতে শংকৰে পুনৰবাৰ উচ্চতা পাৰ হ’বলৈ কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল ।

কিন্তু ভাৰতীয় হাই জাম্পাৰগৰাকীয়ে ২.২৫ মিটাৰ হাৰ্ডলত প্ৰথম প্ৰচেষ্টাত আৰু দ্বিতীয় প্ৰচেষ্টাতো বাৰৰ ওপৰেৰে পাৰ হ’ব নোৱাৰিলে । তেওঁ ২.২৫ মিটাৰ তৃতীয় প্ৰচেষ্টাত এৰি দিয়াৰ সিদ্ধান্ত লৈ ২.২৮ মিটাৰৰ বাবে পোনে পোনে গৈছিল যদিও সম্পূৰ্ণ কৰাত ব্যৰ্থ হয় ।

ব্যৰ্থ প্ৰচেষ্টাৰ বাবে বাৰ্মিংহাম ২০২২ত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট হ’বলগীয়া হয় ভাৰতীয় খেলুৱৈগৰাকীয়ে । প্ৰাক্তন বিশ্ব আৰু চি ডব্লিউ জি চেম্পিয়ন বাহামৰ ড’নাল্ড থমাছে তেজস্বীন শংকৰৰ ২.২২ মিটাৰৰ সৈতে সমতা স্থাপন কৰিছিল যদিও কম ফাউল কৰাৰ বাবে ভাৰতীয় খেলুৱৈগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়(Indian athlete earned the bronze ) ।
লগতে পঢ়ক: CWG 2022: স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে অসমৰ নয়নমণিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.