ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 18, 2021, 3:04 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

Majuli Raas : ৰাস মহোৎসৱ চাবলৈ মাজুলীলৈ অহা প্ৰতিজন দৰ্শনাৰ্থীৰে কৰা হৈছে Covid test

ক’ভিড কালতো চৰকাৰৰ নীতি-নিৰ্দেশনাৰে বৃহস্পতিবাৰৰ পৰা উদযাপন কৰিবলৈ লোৱা হৈছে ৰাস ৷ স্বাস্থ্য পৰীক্ষাৰ বাবে কৰা হৈছে সম্পূৰ্ণ সা-সুবিধা ৷

Rass Festival : নিমাওমাও নলবাৰী হৰি মন্দিৰৰ বাকৰি

কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবেলি বাতিল কৰা নলবাৰীৰ ৰাস মহোৎসৱ ৷ যাৰ বাবে সামাজিক মাধ্যমত কঠোৰ সমালোচনা হোৱা দেখা গৈছে ৷ কিন্তু কি কাৰণে উদযাপন কমিটিয়ে ৰাস মহোৎসৱ বাতিল কৰিলে, সেয়া সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে হৰি মন্দিৰৰ সাধাৰণ সম্পাদক নগেন ডেকাই ৷

পানীত হাঁহ নচৰাৰ অৱস্থা ৬৪ খন বিদ্যালয়ৰ ১৪১ গৰাকী চিনিয়ৰ মাদ্ৰাছা শিক্ষকৰ

বিগত 9 মাহে দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে সমগ্ৰ অসমৰ 141 গৰাকী ছিনিয়ৰ মাদ্ৰাছাৰ ঠিকাভিত্তিক শিক্ষক ৷ উল্লেখ্য যে 2010 চনত হাইস্কুল ঠিকাভিত্তিত শিক্ষকসকলৰ লগতে এই সকল ছিনিয়ৰ মাদ্ৰাছা ঠিকাভিত্তিত শিক্ষকসকলকো একে প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা হৈছিল । ইফালে 2020 চনৰ জুলাই মাহৰ পৰা আৰ অ' পি (ROP) অনুযায়ী হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলে দৰমহাৰ লগতে অন্যান্য সা-সুবিধা সমুহো লাভ কৰিছে ।

CM in Majuli : ফেৰী দুৰ্ঘটনাত পতিতসকলৰ উদ্ধাৰকাৰী লৈ কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ

মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) ৷ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক কৃতজ্ঞতা অনুষ্ঠানত ভাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ফেৰী দুৰ্ঘটনা(Ferry Accident)ত পতিতসকলৰ উদ্ধাৰত সহযোগিতা আগবঢ়োৱা লোকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ লগতে চলিত বৰ্ষত ৰাস উদযাপন বাবে তেওঁ মাজুলীৰ 59 খন ৰাসমঞ্চলৈ 50 হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে ৷

Tripura Civic Poll : নিৰ্বাচনৰ পূৰ্বে SEC লৈ স্মাৰক পত্ৰ ত্ৰিপুৰা বাওঁ মৰ্চা কমিটীৰ

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে কেইবাটাও অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে ৰাজ্যখনত । যাৰ বাবে নিৰ্বাচন আয়োগৰ কাষ চাপিছে বাওঁ মৰ্চা দল । কেইবাটাও দাবীৰে ইতিমধ্যে দলটোৱে নিৰ্বাচন আয়ুক্তক প্ৰদান কৰিছে এক স্মাৰক পত্ৰ ।

Pride-Prejudice and Punditry: শশী থাৰুৰে ব্যাখ্যা কৰিলে 'হিন্দুত্ব' আৰু 'হিন্দু'ৰ পাৰ্থক্য

জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে মুকলি কৰিলে তেওঁৰ নতুন গ্ৰন্থ 'প্ৰাইড, প্ৰিজুডিচ এণ্ড পণ্ডিত্ৰী' । অনুষ্ঠানত হিন্দুত্ব আৰু হিন্দু সম্পৰ্কে বিশেষ মন্তব্য কৰিলে নেতাগৰাকীয়ে । বিজেপি চৰকাৰকো সমালোচনা তেওঁৰ ।


New born baby rescue : সদ্যজাত কন্যা শিশুক পেলাই থৈ গ’ল বাঁহনিত !

আমগুৰিত হৃদয়হীন পিতৃ-মাতৃৰ অমানৱীয় কাণ্ড ৷ সদ্যোজাত(New born baby)ক এৰি গ'ল বাঁহনিৰ মাজত ৷ আমগুৰিৰ নামতি বঙালী গায়েন গাঁৱৰ সমীপৰ এখন বাঁহনিৰ মাজত উদ্ধাৰ হোৱা এটি নৱজাতক(New born baby rescue)ৰ ঘটনাই জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাকে উদঙাই দিছে ৷ বুধবাৰে পুৱা বাঁহ কাটিবলৈ যোৱা সুশীল কালিন্দী নামৰ ব্যক্তিজনে উদ্ধাৰ কৰে সদ্যোজাত কন্যা শিশুটি ৷ কাপোৰেৰে মেৰিয়াই বস্তাৰ মাজত সুমুৱাই কোনোৱে বাঁহনিৰ তলত পেলাই থৈ গৈছিল শিশুটিক ৷

Negligence of Advocate : 23 মাহৰ অন্তত মুক্ত আকাশৰ তলত শ্বহিদুল

ঘৰলৈ আহিল শ্বহিদুল ৷ যোৱা প্ৰায় দুটা বছৰ শ্বহিদুলৰ বাবে আছিল এটা যুগৰ দৰে ৷ নিজৰ আত্মীয়-স্বজনৰ পৰা এইদৰে আঁতৰি থাকিব লগীয়া হোৱাতো শ্বহিদুলৰ বাবে আছিল অকল্পনীয় ৷ কিন্তু উপায় নাছিল ৷ অৱশেষত যেনিবা পৰিয়ালৰ কাষ পাবলৈ সক্ষম হ’ল শ্বহিদুল ৷

Land Dispute : কলগাছিয়াত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

কলগাছিয়াৰ উদমাৰি গাঁৱত এডোখৰ মাটিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট । মাটিডোখৰত এটা পক্ষৰ লোকে তামোল গছ ৰোৱাত বাধা দিয়ে আন পক্ষই ৷ যাৰ ফলস্বৰূপে দুই পক্ষৰ মাজত প্ৰথমে কাজিয়াৰ সূত্ৰপাত ঘটে আৰু এই কাজিয়া অৱশেষত গৈ প্ৰচণ্ড মাৰপিটৰ ৰূপ লয় ৷

বিকল CCTV কেমেৰাৰে গুৱাহাটী মহানগৰীক সুৰক্ষাৰ বৃথা চেষ্টা !

বৰ্তমানেও মহানগৰীত হৈ উঠা নাই চি চি টি ভি কেমেৰাৰ সম্পূৰ্ণ কাম ৷ 2013 আৰু 2018 চনতেই গুৱাহাটীৰ বিভিন্ন ঠাইত 290 টা চি চি টি ভি কেমেৰা স্থাপন কৰাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছিল যদিও আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল এই কামফেৰা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.