Tripura Civic Poll : নিৰ্বাচনৰ পূৰ্বে SEC লৈ স্মাৰক পত্ৰ ত্ৰিপুৰা বাওঁ মৰ্চা কমিটীৰ

author img

By

Published : Nov 18, 2021, 2:03 PM IST

Tripura
নিৰ্বাচনৰ পূৰ্বে SECলৈ স্মাৰক পত্ৰ ত্ৰিপুৰা বাওঁ মৰ্চা কমিটীৰ ()

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে কেইবাটাও অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে ৰাজ্যখনত । যাৰ বাবে নিৰ্বাচন আয়োগৰ কাষ চাপিছে বাওঁ মৰ্চা দল । কেইবাটাও দাবীৰে ইতিমধ্যে দলটোৱে নিৰ্বাচন আয়ুক্তক প্ৰদান কৰিছে এক স্মাৰক পত্ৰ ।

আগৰতলা,১৮ নৱেম্বৰ : নিৰ্বাচনৰ গৰম বতাহ বলিছে ত্ৰিপুৰাত । ইয়াৰ মাজতে ৰাজ্যখনত বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনাৰ (Violence) আশংকা কৰা হৈছে । নিৰ্বাচনকেন্দ্ৰিক হিংসা সংঘটিত হোৱাৰ পূৰ্বে ত্ৰিপুৰা বাওঁ মৰ্চা কমিটীয়ে (Left Front Committee of Tripura) ৰাজ্যিক নিৰ্বাচন আয়োগক বিশেষ আহ্বান জনাইছে । যিহেতু নিৰ্বাচনৰ পূৰ্বে বহুতো প্ৰাৰ্থী, দলীয় কৰ্মী আৰু নেতাৰ ঘৰত শাসকীয় বিজেপিৰ গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰিছিল সেয়ে অতিশীঘ্ৰে ৰাজ্যখনত অৰ্ধসামৰিক বাহিনী (paramilitary forces) মোতায়েনৰ দাবী জনাইছে বাওঁ মৰ্চাই ।

বাওঁ মৰ্চাই বুধবাৰে কেইবাটাও দাবীৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত এম এল দেক এক স্মাৰক পত্ৰ প্ৰদান কৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শাসনাধিষ্ঠিত বিজেপি বিধায়ক সুৰজিৎ দত্তৰ মুকলি ঘোষণাৰ বিষয়ে নিৰ্বাচন আয়োগক (SEC) অৱগত কৰিছে যাতে ভোটাৰসকলে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থীক ভোট দান কৰাৰ সাংবিধানিক অধিকাৰ বিজেপিয়ে সৰ্ব কৰিব নোৱাৰে । বাওঁ মৰ্চাই নিৰ্বাচন আয়োগক জনোৱা মতে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে শাসকীয় বিজেপিয়ে বাওঁ মৰ্চাৰ প্ৰাৰ্থীক বিভিন্ন ধৰণে আক্ৰমণ কৰিছে ।

বাওঁ মৰ্চাক প্ৰচাৰ অভিযানত বাধা দিয়াৰ লগতে দলীয় পতাকা, বেনাৰ আদি আঁতৰাইছে বিজেপিয়ে । আনকি বাওঁ মৰ্চাৰ বহু প্ৰাৰ্থী, সমৰ্থকৰ ঘৰ লণ্ড-ভণ্ড কৰাৰ লগকে বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰিছে । কিছুমান বাওঁপন্থী দলৰ নেতাক আক্ৰমণ কৰাৰ ফলত চিকিৎসাধীনো হ'বলগীয়া হৈছে । ভোটাৰসকলে যাতে নিজে ভোটদান কক্ষত ভোট দিব পাৰে আৰু কোনো অবাঞ্ছিত ব্যক্তিয়ে প্ৰকৃত ভোটাৰক হস্তক্ষেপ কৰিব নোৱাৰে তাৰ বাবে বিহীত ব্যৱস্থা ল'বলৈ নিৰ্বাচন আয়োগক আহ্বান জনায় বাওঁ মৰ্চা দলে ।

ভোট দানৰ বাবে যোৱাৰ সময়ত আৰু ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ যোৱাৰ পথত যাতে ভোটাৰসকলক সুৰক্ষা প্ৰদান কৰা হয় সেয়া নিশ্চিত কৰিবলৈও বাওঁ মৰ্চাই আহ্বান জনায় । ভোটগ্ৰহণ আৰম্ভ হোৱাৰ ৪৮ ঘণ্টা পূৰ্বে সকলো হোটেল, লজ, বাংলো, চৰকাৰী বিশ্ৰাম গৃহ আদিত অভিযান চলাব লাগে যাতে সেইবোৰত শাসকীয় দলে ডি-ভোটাৰসকলক (non-voter) আশ্ৰয় দিব নোৱাৰে । বাওঁ মৰ্চাই স্মাৰকপত্ৰখনত উল্লেখ কৰিছে যে নিৰ্বাচনৰ পূৰ্বে সন্ত্ৰাসবাদী অধ্যুষিত অঞ্চলবোৰত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিব লাগে যাতে তাৰ ভোটাৰসকলে ভয়,শংকা অবিহনে ভোট গ্ৰহণ কেন্দ্ৰলৈ যাব পাৰে ।

নিৰ্বাচন হ'বলগীয়া অঞ্চলসমূহত একেলগে দুখনত কৈ অধিক দুচকীয়া বাহনৰ চলাচল কঠোৰভাৱে নিষিদ্ধ কৰিবলৈ আহ্বান জনাই বাওঁ মৰ্চা দলে । নিৰ্বাচনী আচৰণ বিধিৰ (Model Code of Conduct) লগত সংগতি ৰাখি নিৰ্বাচন শেষ নোহোৱালৈকে নতুন আঁচনি আৰু প্ৰকল্প ঘোষণা কৰাৰ পৰা বিৰত থাকিবলৈ চৰকাৰক নিৰ্দেশনা জাৰী কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনায় । ইয়াৰোপৰি অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত হৰ্ডিং, বেনাৰ আৰু অন্যান্য প্ৰচাৰ সামগ্ৰী আঁতৰোৱাৰ ব্যৱস্থা কৰিবলৈও নিৰ্বাচন আয়োগক অনুৰোধ জনাই বাওঁমৰ্চাই ।

লগতে পঢ়ক :CPIM ৰ সমৰ্থনত ত্ৰিপুৰাত DYFI আৰু TYFৰ শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.