Majuli Raas : ৰাস মহোৎসৱ চাবলৈ মাজুলীলৈ অহা প্ৰতিজন দৰ্শনাৰ্থীৰে কৰা হৈছে Covid test

author img

By

Published : Nov 18, 2021, 2:21 PM IST

rash-mahotsav

ক’ভিড কালতো চৰকাৰৰ নীতি-নিৰ্দেশনাৰে বৃহস্পতিবাৰৰ পৰা উদযাপন কৰিবলৈ লোৱা হৈছে ৰাস ৷ স্বাস্থ্য পৰীক্ষাৰ বাবে কৰা হৈছে সম্পূৰ্ণ সা-সুবিধা ৷

মাজুলী, 18 নৱেম্বৰ : ৰাজ্যজুৰি বিগত এমাহ ৰাসৰ আখৰা চলাৰ পাচত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ ৷ ৰাস চাবলৈ বুলি মাজুলীলৈ ৰাওনা হৈছে বহুতো লোক ৷ কিন্তু এইবাৰৰ ৰাস যেন কিছু পৃথক ৷ কিয়নো বিশেষ কিছু চৰকাৰী নীতি-নিয়মৰ মাজেৰে এইবাৰৰ ৰাস সমিতি সমূহে পাতিব লাগিব ৰাস মহোৎসৱ ৷

চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰতিখন ৰাস সমিতিয়ে ৰাস অনুষ্ঠিত কৰিবলৈ লোৱাৰ আগতে ল’ব লাগিব জিলা প্ৰশাসনৰ অনুমতি ৷ ৰাজ্য চৰকাৰৰ ৰাসকেন্দ্ৰিক এছ অ’ পি (SOP) অনুসৰি 10 বছৰৰ তলৰ শিশু আৰু 65 বছৰ উৰ্ধৰ কোনো লোকেই ৰাস মহোৎসৱত উপস্থিত থাকিব নোৱাৰিব ৷

rash-mahotsav
ক’ভিড কালৰ ৰাসৰ যো-জা

ৰাস মহোৎসৱ আৰম্ভ হোৱাৰ 48 ঘণ্টা পূৰ্বে ৰাস কমিটিৰ সকলো সদস্য আৰু স্বেচ্ছাসেৱকক ক’ভিড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ এইক্ষেত্ৰত কোনো স্বেচ্ছাসেৱক ক’ভিড প’জিটিভ হ’লে ৰাস কমিটিয়ে তেওঁলোকক অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিব লাগিব বুলিও উল্লেখ আছে ৷

ৰাস মহোৎসৱত অংশ লোৱা সকলৰ লগতে দৰ্শনাৰ্থী সকলেও ক’ভিড টেষ্ট কৰিব লাগিব বুলি উল্লেখ আছে ৷ সেই চৰকাৰী নিৰ্দেশনা মানি চলি মাজুলীৰ প্ৰতিটো ঘাটতে ফেৰীৰে অহা যাত্ৰীৰ বাবে কৰা হৈছে ক’ভিড টেষ্টৰ ব্যৱস্থা ৷ সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি চলি প্ৰায় অৰ্ধ শতাধিক ৰংগ মঞ্চত ৰাস উদযাপন কৰিবলৈ সাজু হৈছে মাজুলীবাসী ৷

লগতে চাওক : Happy Birthday Zubeen Garg : অব্যাহত থাকক সংগীতৰ সুৰীয়া যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.