ETV Bharat / sitara

Happy Birthday Zubeen Garg : অব্যাহত থাকক সংগীতৰ সুৰীয়া যাত্ৰা

author img

By

Published : Nov 18, 2021, 9:36 AM IST

Happy Birthday Zubeen Garg
অব্যাহত থাকক সংগীতৰ সুৰীয়া যাত্ৰা

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজি ওপজাদিন ৷ আনুষ্ঠানিকভাৱে অনামিকা (১৯৯২) এলবামৰ দ্বাৰা সংগীতৰ জয়যাত্ৰা আৰম্ভ কৰা শিল্পীগৰাকীলৈ যাঁচিলো জন্মদিনৰ শুভকামনা ৷ অব্যাহত থাকক মৰমৰ শিল্পীগৰাকীৰ সংগীতৰ সুৰীয়া যাত্ৰা ৷

চিটাৰা ডেস্ক, 18 নৱেম্বৰ : জনপ্ৰিয় কণ্ঠশিল্পী, নৱপ্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি ওপজাদিন ৷ শিল্পীগৰাকীৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত ৷ জুবিনৰ পিতৃ মোহিনী এম বৰঠাকুৰ আৰু মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ ৷ প্ৰথমাৱস্থাত শিল্পীগৰাকীৰ নাম জীৱন বৰঠাকুৰ আছিল যদিও পিছলৈ গোত্ৰৰ হিচাপত জুবিন গাৰ্গ ৰাখে পৰিয়ালে ৷ জুবিনৰ ভগ্নী জংকী বৰঠাকুৰ এগৰাকী কণ্ঠশিল্পী হোৱাৰ বিপৰীতে পাল্কী বৰঠাকুৰ এগৰাকী নৃত্য শিল্পী ৷ কিন্তু 2002 চনত তেজপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰে জংকীয়ে ৷

Happy Birthday Zubeen Garg
Source : Twitter

তামুলপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা জুবিনে পৰৱৰ্তী সময়ত মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে ৷ সৰুৰে পৰা মাতৃৰ তত্বাৱধানত সংগীত শিক্ষা গ্ৰহণ কৰা জুবিনে পৰৱৰ্তী সময়ত গুৰু ৰমণী ৰায়ৰ ওচৰত সংগীত শিক্ষা গ্ৰহণ কৰে ৷

অনামিকা (১৯৯২), অনুৰাধা (১৯৯২), মায়া (১৯৯৪) আদিৰ সফলতাৰ পিছত জুবিনৰ আন বহুকেইটা গীতৰ এলবামে অনুৰাগীৰ মাজত জনপ্ৰিয়তা লাভ কৰে ৷ তাৰ ভিতৰত আছে "মন" ছিৰিজৰ বহুকেইটা এলবাম, ৰুমাল, হিয়ামন, বাঁহী(2013), চিলা(2020) আদি অন্যতম ৷ ইয়াৰোপৰি জুবিনে হিন্দী আৰু বঙালী এলবাম যেনে চান্দিনী ৰাত (১৯৯৫), চন্দা (১৯৯৬), য়ুহী কভী (১৯৯৮), স্পৰ্শ (২০০০-০১), শ্ৰদ্ধাঞ্জলি (খণ্ড ১,২,৩), মেৰে লিয়ে(২০০১), পাকিজা (২০১২), চুফী ইশ্ক (২০১৭) আদিতো কণ্ঠ নিগৰাইছে ৷

Happy Birthday Zubeen Garg
Source : Twitter

সংগীত পৰিচালক হিচাপে জুবিন গাৰ্গে জনপ্ৰিয় কথাছবি হিয়া দিয়া নিয়া(2000), তুমি মোৰ মাথোঁ মোৰ(2000), শেষ উপহাৰ(2001) আদি প্ৰায় 26 খন ছবিত কাম কৰিছে ৷ অভিনেতা হিচাপেও জুবিনে মনযায় তুমি মোৰ মাথো মোৰ, দীনবন্ধু, প্ৰিয়াৰ প্ৰিয়, অহেতুক, মিছন চাইনা, কাঞ্চনজংঘা আদি ছবিত কাম কৰিছে ৷

Happy Birthday Zubeen Garg
Source : Twitter

2005 চনত জুবিন গাৰ্গে শুধু তুমি নামৰ বঙালী ভাষাৰ কথাছবিত কৰা কামৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে ৷ 2006 চনত গেংষ্টাৰ চিনেমাৰ য়া আলি শীৰ্ষক সংগীতৰ বাবে শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা লাভ কৰে ৷ উল্লেখ্য যে, গেংষ্টাৰ ছবিৰ বাবেই একেটা বৰ্ষতে জুবিনে গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA) ত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পী আৰু নিউ মিউজিকেল চেন্সেচন বঁটা (পুৰুষ শাখাত)ৰ মেক্স ষ্টাৰডাষ্ট এৱাৰ্ড লাভ কৰে ৷

Happy Birthday Zubeen Garg
Source : Google

ইয়াৰোপৰি জুবিনে অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ বাবে বহু কাম কৰিছে ৷ ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ সময়ে সময়ে বিতৰ্কলৈ আহি সংবাদ শীৰ্ষ দখল কৰা খেয়ালি মনৰ শিল্পীগৰাকীলৈ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা যাঁচিলো ওপজাদিনৰ একুঁকি শুভকামনা ৷

লগতে চাওক: 3 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ ৰাতাবাৰী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.