পানীত হাঁহ নচৰাৰ অৱস্থা ৬৪ খন বিদ্যালয়ৰ ১৪১ গৰাকী চিনিয়ৰ মাদ্ৰাছা শিক্ষকৰ

By

Published : Nov 18, 2021, 2:31 PM IST

thumbnail
()

বিগত 9 মাহে দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে সমগ্ৰ অসমৰ 141 গৰাকী ছিনিয়ৰ মাদ্ৰাছাৰ ঠিকাভিত্তিক শিক্ষক ৷ উল্লেখ্য যে 2010 চনত হাইস্কুল ঠিকাভিত্তিত শিক্ষকসকলৰ লগতে এই সকল ছিনিয়ৰ মাদ্ৰাছা ঠিকাভিত্তিত শিক্ষকসকলকো একে প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা হৈছিল । ইফালে 2020 চনৰ জুলাই মাহৰ পৰা আৰ অ' পি (ROP) অনুযায়ী হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলে দৰমহাৰ লগতে অন্যান্য সা-সুবিধা সমুহো লাভ কৰিছে । ফলত বস্তুৰ মুল্যবৃদ্ধিৰ লগতে অনাটনৰ মাজেৰে দিন অতিবাহিত কৰিছে 64 খন বিদ্যালয়ৰ 141 গৰাকী শিক্ষকে । ইতিমধ্যে বিষয়টো সন্দৰ্ভত এই শিক্ষকসকলে চৰকাৰৰ প্ৰতিনিধি তথা বিভাগটোৰ মুৰব্বী সকলক অৱগত কৰিছিল যদিও এতিয়ালৈ কোনো কাৰ্য‍কৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.