ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 28, 2022, 2:59 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

এমাহত ফলাফল ঘোষণা কৰি অনুত্তীৰ্ণ প্ৰাৰ্থীক মাচুল ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সন্দৰ্ভত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এমাহৰ ভিতৰত ঘোষণা হ’ব নিযুক্তি পৰীক্ষাৰ ফলাফল (CM Himanta Biswa Sarma on Assam recruitment exam)৷

আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা জীৱন মৰাণৰ মৃত্যুত শোক প্ৰকাশ পৰেশ বৰুৱাৰ

জীৱন নাট সামৰিলে জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণে (ULFA Leader Jibon Moran passes away) ৷ সংযুক্ত মুক্তি বাহিনী অসমৰ (স্বাধীন) জ্যেষ্ঠ নেতা জীৱন মৰাণ ওৰফে গুণত ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আলফাৰ (স্বা) সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ (ULFA Leader Paresh Baruah) ৷

নগাঁৱত জেহাদীকে ধৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য পীযুষ হাজৰিকাৰ

নগাঁৱত দলীয় সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিস্ফোৰণ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ মন্ত্ৰীগৰাকীৰ (Piyush Hazarika criticizes Bhupen Borah) । জেহাদীৰ সমৰ্থনকাৰীক প্ৰাৰ্থীত্ব দিয়াৰ অভিযোগ উত্থাপন কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে (Congress president fields supporters of jihadis) ।

নলবাৰী অসামৰিক চিকিৎসালয় হঠাতে উপস্থিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এগৰাকী ৰোগীৰ আকস্মিক মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ কালি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আকস্মিকভাৱে উপস্থিত হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা (Swahid Mukunda Kakati Civil Hospital) ৷

দুদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত জেপি নাড্ডা

ত্ৰিপুৰাত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাবলৈ উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপে নাড্ডা (Upcoming Tripura Assembly election) । দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে ত্ৰিপুৰাত উপস্থিত হৈছে জেপি নাড্ডা (JP Nadda arrived in Tripura) ।

লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে ABVP ৰ প্ৰতিবাদ

তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ(ABVP protest in Lakhimpur) । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰে লোৱা অসমীয়া ভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযান চলাই লখিমপুৰত (Mass signature of ABVP at Lakhimpur) ।

গৰ্ভৱতী পত্নীক হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা পাষাণ স্বামীৰ

গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰৰ ধোৱাকুৰা গাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড (Brutal murder in Goalpara) ৷ নিজ কন্যাৰ সন্মুখতে গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা কৰে পাষাণ স্বামীয়ে (Husband killed pregnant wife)

আগৰতলাত চিপিআইএমৰ প্ৰতিবাদী কাৰ্যসূচী

ত্ৰিপুৰাৰ বিৰোধী দল চিপিআইএমৰ আগৰতলাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী (CPIM protest in Agartala) । আগৰতলা চহৰৰ উপকণ্ঠ অঞ্চল আমতলিত শুকুৰবাৰে দলৰ এজন নেতাক বিজেপি সমৰ্থিত দুৰ্বৃত্তই নিৰ্মম আক্ৰমণ কৰাৰ অভিযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

নয়ডাত ভাঙি পেলোৱা হ’ল ছুপাৰটেক টুইন টাৱাৰ

দেশত প্ৰথমবাৰৰ বাবে নতুন প্ৰযুক্তিৰে নয়ডাৰ চেক্টৰ-৯৩ ত অৱস্থিত দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ দেওবাৰে ভাঙি পেলায়(twin tower demolish today) এডিফিচ ইঞ্জিনিয়াৰিং কোম্পানীয়ে ৷ টুইন টাৱাৰ দুটা নিৰ্মাণ কৰা সময়ত কঠোৰভাৱে উলংঘা কৰা হৈছিল নিৰ্মাণৰ চৰ্তসমূহ ।

বিস্কুটৰ প্ৰলোভন দি কুকুৰৰ লগত যৌন সম্পৰ্ক 65 বছৰীয়া বৃদ্ধৰ

মানুহৰ লগত নহয় এইবাৰ কুকুৰৰ লগত যৌন সম্পৰ্ক কৰি হাতে লোটে ধৰা পৰিলে এজন বৃদ্ধ (Old mans unnatural sex with a dog)৷ চুবুৰীয়াৰ ঘৰৰ কুকুৰজনীক প্ৰায়েই তেওঁ বিস্কুট দিয়াৰ চলেৰে ঘৰলৈ মাতি লৈ যায় ৷ পিছত লোকজনে ঘৰৰ ভিতৰলৈ কুকুৰজনীক সুমুৱাই নি যৌন কৰ্মত লিপ্ত হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.