এমাহত ফলাফল ঘোষণা কৰি অনুত্তীৰ্ণ প্ৰাৰ্থীক মাচুল ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 28, 2022, 12:29 PM IST

Updated : Aug 28, 2022, 6:08 PM IST

CM Himanta Biswa Sarma on Assam recruitment exam

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সন্দৰ্ভত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এমাহৰ ভিতৰত ঘোষণা হ’ব নিযুক্তি পৰীক্ষাৰ ফলাফল (CM Himanta Biswa Sarma on Assam recruitment exam) ৷

গুৱাহাটী, 28 আগষ্ট: এমাহৰ ভিতৰত ঘোষণা হ’ব নিযুক্তি পৰীক্ষাৰ ফলাফল(Assam recruitment exam Result 2022) ৷ আজাৰাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ঘোষণা কৰে এই কথা ৷ উল্লেখ্য যে, আজি অৰ্থাৎ দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা ৷ ৰাজ্যখনত পৰীক্ষা শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হয় (Assam recruitment exam 2022) ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পৰীক্ষা চলি থকাৰ মাজতেই অসম আৰক্ষীৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীক পৰীক্ষাৰ মাচুল ঘূৰাই দিয়া হ’ব(Assam Grade 3rd and 4th recruitment written exam) ৷ প্ৰাৰ্থীসকলৰ নিজা বেংক একাউণ্টত ঘূৰাই দিয়া হ’ব মাচুল ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে এইবাৰ পৰীক্ষা ৰাজ্যৰ 24 খন জিলাত অনুষ্ঠিত হৈছে ৷ এইবাৰ পৰীক্ষাত মুঠ 9.34 লাখ প্ৰাৰ্থী অৱৰ্তীণ হৈছে ৷ পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইয়াৰ উপৰি 144 ধাৰা জাৰি কৰাৰ লগতে ইন্টাৰনেট সেৱা কৰ্তন কৰিছে চৰকাৰে ৷

লগতে পঢ়ক : পৰীক্ষাৰ্থীক কলম-চকলেট যাঁচি শুভেচ্ছা আৰক্ষীৰ

Last Updated :Aug 28, 2022, 6:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.