পৰীক্ষাৰ্থীক কলম-চকলেট যাঁচি শুভেচ্ছা আৰক্ষীৰ

By

Published : Aug 28, 2022, 4:21 PM IST

Updated : Aug 28, 2022, 6:07 PM IST

thumbnail

অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে আজি ২৬ খন জিলাৰ ১৪,৪৩৭ টা পদৰ বাবে অনুষ্ঠিত হৈছে পৰীক্ষা(Assam Grade 3 recruitment written exam) । পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনোৱাৰ বাবে মহানগৰ আৰক্ষীৰ দেওবাৰে গ্ৰহণ কৰে এক ব্যতিক্ৰমী পদক্ষেপ(Assam recruitment exam 2022) । নুনমাটি থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত নিলোৎপল ডেকাই(ACP of Nunmati Police Station Nilotpal Deka) তৃতীয় বৰ্গৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীক হাতে হাতে কলম-চকলেট প্ৰদান কৰি শুভেচ্ছা জনায় । পৰীক্ষাৰ্থী সকলৰ উদ্দেশ্যি আৰক্ষী বিষয়াগৰাকীয়ে কয়, আপোনালোকক সাহস আৰু উৎসাহ জনাইছো যাতে আপোনালোকে কৃতকাৰ্যতা লাভ কৰে । উল্লেখ্য যে, এইবাৰ এই পৰীক্ষাত প্ৰায় ৯ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । এই পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে পৰীক্ষা কেন্দ্ৰসমূহত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷

Last Updated : Aug 28, 2022, 6:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.