গৰ্ভৱতী পত্নীক হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা পাষাণ স্বামীৰ

author img

By

Published : Aug 28, 2022, 1:08 PM IST

Husband attempted to burn his pregnant wife by strangling her

গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰৰ ধোৱাকুৰা গাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড (Brutal murder in Goalpara) ৷ নিজ কন্যাৰ সন্মুখতে গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা কৰে পাষাণ স্বামীয়ে (Husband killed pregnant wife)

গোৱালপাৰা, 28 আগষ্ট: গোৱালপাৰাত সংঘটিত হৈছে জঘন্য ঘটনা (Goalpara murder case)৷ নিজ কন্যাৰ সন্মুখতে গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা কৰে পাষাণ স্বামীয়ে (Husband killed pregnant wife)৷

গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰৰ ধোৱাকুৰা গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো (Husband killed pregnant wife in Goalpara)৷ শনিবাৰে নিশা স্বামী আব্দুছ ছালামে গৰ্ভৱতী পত্নী মফিদা খাতুনক ডিঙি চেপি হত্যা কৰে (Husband attempted to burn pregnant wife)৷ তাৰ পিছতে পত্নীক হত্যাৰ খবৰ লুকুৱাবলৈ মৃত পত্নীক জ্বলাই দিয়াৰ চেষ্টা কৰে হত্যাকাৰী আব্দুছে ৷

গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা পাষাণ স্বামীৰ

এই সমগ্ৰ ঘটনা আব্দুছে সংঘটিত কৰিছিল কণমানি জীয়াৰীৰ সন্মুখতে ৷ এই সমগ্ৰ ঘটনাই লক্ষীপুৰ অঞ্চলত এক প্ৰকাৰ জোকাৰণিৰ সৃষ্টি কৰিছে (Crime against women in Assam) । অৱশেষত আৰক্ষীয়ে মৃত পত্নীক উদ্ধাৰ কৰি পাষাণ স্বামীক গ্ৰেপ্তাৰ কৰিছে (Police arrested killer husband) ৷ স্বামীয়ে পত্নীক হত্যা কৰাৰ কাৰণ এতিয়ালৈ পোহৰলৈ অহা নাই ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে (Man arrested for killing wife)৷

লগতে পঢ়ক: টীয়কৰ ঔগুৰিত নৃশংস হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.