ETV Bharat / state

আই নৈৰ বাঢ়নী পানীয়ে জুৰুলা কৰিছে নৈপৰীয়া ৰাইজক

author img

By

Published : Aug 14, 2021, 3:23 PM IST

Updated : Aug 14, 2021, 4:20 PM IST

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে বিস্তীৰ্ণ অঞ্চল । যি হাৰত নৈখনৰ পানী বাঢ়ি আছে তেনেস্থলত অতিশীঘ্ৰে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে নৈপৰীয়াই ।

বঙাইগাঁও, 14 আগষ্ট : আই নৈৰ বাঢ়নী পানীত জলমগ্ন উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল । বঙাইগাঁও জিলাৰ 34 নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰধান উপ নদী হ’ল আই আৰু মানাহ নদী । বৰ্তমান কীৰ্তনপাৰা-ডাঙাইগাঁও সংযোগী পকী পথৰ ওপৰেদি পানী বাগৰা পৰিলক্ষিত হৈছে ৷ আই নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত সমষ্টিটোৰ বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে ।

আই নৈৰ বাঢ়নী পানীয়ে জুৰুলা কৰিছে নৈপৰীয়া ৰাইজক

ভূটান চৰকাৰে কোনো আগজাননী নিদিয়াকৈ তিনি দিন ধৰি ধাৰাষাৰে পানী এৰি দিয়াৰ ফলত সমষ্টিটোৰ প্ৰায় কুৰি খন গাঁও জলমগ্ন হৈ পৰিছে । অঞ্চলটোৰ লোকসকলৰ ঘৰৰ চোতাললৈ পানী সোমাইছে । সম্প্ৰতি তীব্ৰ গতিত বৃদ্ধি পাব ধৰিছে পানী । বানাক্ৰান্ত লোকসকলৰ উপৰিও তীব্ৰ খাদ্য সংকটত ভুগিছে পহুধন । কিন্তু ইমানৰ পিচতো জিলা প্ৰশাসনে কোনো খবৰ লোৱা নাই বুলি অভিযোগ বানাক্ৰান্তৰ ।

উল্লেখযোগ্য যে, পুৱাৰ পৰা অহা ধাৰাষাৰ বৰষুণৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে । বানৰ সমান্তৰালকৈ গৰাখহনীয়াই জুৰুলা কৰিছে নৈ পৰীয়া ৰাইজক ।

প্ৰতি বছৰে ভূটান চৰকাৰে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত এনেদৰে চৰম দুৰ্ভোগ ভুগিবলগীয়া হয় উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ৰাইজে । অসম চৰকাৰে যদি ইয়াৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে ইয়াতকৈ আৰু অধিক ভয়াৱহ সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিব সমষ্টিটোৰ ৰাইজ ৷

লগতে পঢক:আই নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল

Last Updated :Aug 14, 2021, 4:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.