ETV Bharat / state

খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ আহ্বান সাংসদ খালেকৰ

author img

By

Published : Jul 4, 2022, 2:21 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত খহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ(Erosion in Assam) । সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো খহনীয়াত ঘৰ-ভেটি হেৰুৱাই দিশহাৰা শ শ পৰিয়াল । খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি খহনীয়াত গৃহহীন হোৱা লোকৰ সৈতে বাৰ্তালাপ সাংসদ আব্দুল খালেকৰ(Erosion affected area inspection MP Abdul Khalekar) ।

mp abdul khaleq visit erosion affected area in abhayapuri
খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ আহ্বান সাংসদ আব্দুল খালেকৰ

অভয়াপুৰী,৪ জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তত খহনীয়াই সৃষ্টি কৰিছে বিভীষিকাৰ(Erosion in Assam) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মেৰেৰচৰ-ডুবাচুৰীত আই আৰু মানাহ নৈৰ খহনীয়াত সৰ্বস্বান্ত হৈছে প্ৰায় শ শ পৰিয়াল । নৈৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি । নৈ কাষৰীয়া অঞ্চলত বাসগৃহৰ লগতে জাহ গৈছে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান । প্ৰশাসন কিম্বা বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা হাতত লৈছিল ‌যদিও সেয়া সম্পূৰ্ণৰূপে বিফল হোৱা পৰিলক্ষিত হয় ।

খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ আহ্বান সাংসদ আব্দুল খালেকৰ

সোমবাৰে খহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত ঠিয় দিয়ে সাংসদ আব্দুল খালেক । স্থানীয় বিধায়ক প্ৰদীপ সৰকাৰক লগত লৈ পৰিদৰ্শন কৰে আই আৰু মানাহ নৈৰ খহনীয়া(Erosion affected area inspection MP Abdul Khalekar) । সাংসদগৰাকীয়ে পৰিদৰ্শন কৰে অভয়াপুৰীৰ কুশবাৰী, ডুবাচুৰী, মেৰেৰচৰৰ লগতে কেইবাটাও খহনীয়া আৰু বানপীড়িত অঞ্চল । অঞ্চলসমূহ পৰিদৰ্শন কৰি সাংসদ আব্দুল খালেকে খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা আৰু বিজ্ঞানসন্মত প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাই চৰকাৰলৈ ।

ইফালে সাংসদগৰাকীক কাষতে পাই আবেগিক হৈ পৰে খহনীয়াগ্ৰস্ত লোকসকল । সাংসদগৰাকীক জনালে ভুগি অহা দুৰ্দশাৰ কথা । শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে খহনীয়াত ঘৰ-ভেটি হেৰুওৱা লোকসকলক সংস্থাপন কৰাৰ বাবে আহ্বান জনাই ক্ষতিগ্ৰস্ত লোকসকলে ।

লগতে পঢ়ক: হোজাইত বন্য়াৰ্তলৈ সহায়ৰ হাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.