ETV Bharat / state

হোজাইত বন্য়াৰ্তলৈ সহায়ৰ হাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

author img

By

Published : Jul 4, 2022, 7:59 AM IST

rokibul hussain visited flood affected area in hojai
হোজাইত বন্য়াৰ্তলৈ সহায়ৰ হাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

বছৰৰ দ্বিতীয়টো বানত বিদ্ধস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্ত(Flood situation in Assam) । ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমান্তৰালভাৱে বানে বিস্তৰ ক্ষতিসাধন কৰিছিল হোজাই জিলাৰ বিস্তীৰ্ণ অঞ্চলত(Flood in Hojai) । হোজাইৰ বন্যাৰ্তৰ কাষত ঠিয় দিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন(MLA Rokibul Hussain in flood affected area in Hojai) । হোজাইত উপস্থিত হৈ বিধায়কগৰাকীয়ে চৰকাৰক কৰিলে তীব্ৰ সমালোচনা ।

হোজাই,৪ জুলাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে বান বিভীষিকা(Flood situation in Assam) । হোজাই জিলাৰ বিস্তীৰ্ণ অঞ্চলতো বানাক্ৰান্তৰ হাহাকাৰময় অৱস্থা(Flood in Hojai) । হোজাইৰ বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈ তেঁওলোকৰ দুখ-দুৰ্দশাৰ বুজ ললে বিধায়ক ৰকিবুল হুছেইনে(MLA Rokibul Hussain in flood affected area at Hojai) ।

হোজাইত বন্য়াৰ্তলৈ সহায়ৰ হাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

ৰকিবুল হুছেইনে নৈ-পৰীয়া অকান্তু আৰু ঠাইচুবালী অঞ্চল পৰিদৰ্শন কৰি দূৰ্ভগীয়া বানপীড়িত ৰাইজৰ দূখ দূৰ্দশাৰ বুজ লৈ প্ৰদান কৰে খাদ্য সামগ্ৰী । ইয়াৰ পাছতেই সাংবাদিকৰ আগত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । চৰকাৰক তীক্ষ্ণ সমালোচনাৰে থকাসৰকা কৰে বিধায়কগৰাকীয়ে । তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত বানপীড়িত ৰাইজে যি সাহায্য পাইছে বৰ্তমান তেনেধৰনে সাহায্য লাভ কৰা নাই ।

কংগ্ৰেছে চৰকাৰক সমালোচনা নহয় সহযোগিতাহে কৰি আছে বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে । লগতে উল্লেখ কৰে যে পূৰ্বতে চৰকাৰী কৰ্মচাৰীসকলক বানৰ সময়চোৱাত ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ পঠাই দিয়ে কিন্তু এইবাৰ তেজপুৰলৈ জিলা উপায়ুক্ত সকলক মাতি নি AC কোঠাত আলোচনা কৰা কিমান যুক্তিসংগত ।

চৰকাৰক কটাক্ষ কৰি হুছেইনে কয় যে চৰকাৰে গুৱাহাটীত ঘৰে ঘৰে পানী দিম বুলি কৈছিল কিন্তু ঘৰে ঘৰে বানপানী যে দিব সেইটো ৰাইজে ভবা নাছিল । ৰাজ্য চৰকাৰে পৰ্য্যাপ্ত পৰিমাণৰ পুঁজি আছে বুলি কেন্দ্রীয় চৰকাৰৰ পৰা বানপানীৰ বাবে সাহায্য নোলোৱাৰ পাছতো বানপীড়িত ৰাইজে সাহায্য কিয় পোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে ।

ৰাজ্যজুৰি চলি থকা ঈদৰ কুৰবানি সন্দৰ্ভত নিজ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৰকিবুল হুছেইন । চৰকাৰখনে ইয়াত এটা কয়, চিলঙত এটা কয় । তেঁওলোকৰ বেলেগ বেলেগ স্থানত বেলেগ বেলেগ ৰায় । চৰকাৰ হিচাপে যি সিদ্ধান্ত লয় লওক পৰবৰ্তী সময়ত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি উল্লেখ কৰে বিধায়ক ৰকিবুল হুছেইনে ।

লগতে পঢ়ক: বোকা পানী গচকি বন্যাৰ্তৰ কাষত উপস্থিত মন্ত্ৰী বিমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.