ETV Bharat / state

পানী খোৱাৰ অযুহাত দি ঘৰত প্ৰৱেশ কৰি কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলালে কিশোৰে

author img

By

Published : Dec 26, 2021, 10:17 PM IST

মাণিকপুৰত পানী খোৱাৰ অযুহাতত ঘৰত কোনো নথকাৰ সুযোগলৈ এগৰাকী তাঁত বৈ থকা কিশোৰীক ধৰ্ষণৰ অপচেষ্টা কিশোৰৰ (Minor boy tries to rape minor girl) ৷ ঘটনাস্থলীত ৰাইজ উপস্থিত হোৱাত ভয়ত হাঁহৰ গঁড়ালত লুকাল কিশোৰ ৷ তাৰ পিছত কি হ’ল জানো আহক ৷

minor-boy-tries-to-rape-minor-girl-in-manikpur
পানী খোৱাৰ অযুহাত দি ঘৰত প্ৰৱেশ কৰি কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলালে কিশোৰে

মাণিকপুৰ, 26 ডিচেম্বৰ : বঙাইগাঁও জিলাৰ ৪ নং জামদহাত ঘৰত কোনো নথকাৰ সুযোগলৈ পানী খোৱাৰ অযুহাতত তাঁত বৈ থকা কিশোৰী এগৰাকীৰ সৈতে প্ৰথমে কাজিয়াত লিপ্ত হয় এজন কিশোৰ ৷ পিছত কিশোৰী গৰাকীৰ মুখত সোপা দি ধৰ্ষণৰ অপচেষ্টা কৰাৰ লগতে হত্যা কৰাৰ বাবে ডিঙিত চেপি ধৰে অভিযুক্ত কিশোৰজনে (Minor boy tries to rape minor girl) । কথমপি কিশোৰী গৰাকীয়ে এই আক্ৰমণৰ পৰা হাত সাৰি চিঞৰ বাখৰ কৰাত গাঁৱৰ মানুহে আহি তেওঁক উদ্ধাৰ কৰে (Public rescues minor girl from rape attempt) ।

ইফালে, অভিযুক্ত কিশোৰজনে ৰাইজৰ ভয়ত হাঁহৰ গঁড়ালত লুকাই যদিও স্থানীয় ৰাইজে বিচাৰি পায় তাক উত্তম মাধ্যম দিয়ে । ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয় আৰু মহিলা সমিতিয়েও ল’ৰাজন কম বয়সীয়া যদিও এই জঘন্য কামৰ বাবে আইনমতে উচিত শাস্তি দিব লাগে বুলি দাবী জনায় ৷ আনহাতে, এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত পুলিচে অভিযুক্ত কিশোৰজনক ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰে আৰু সময়মতে দুয়োজনকে চিকিৎসালৈ প্ৰেৰণ কৰে ।

পানী খোৱাৰ অযুহাত দি ঘৰত প্ৰৱেশ কৰি কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলালে কিশোৰে

সম্প্ৰতি, ছোৱালীজনী সম্পূৰ্ণ সুস্থ বুলি আৰক্ষীয়ে জানিবলৈ দিছে । ইফালে, ধৰ্ষণৰ অপচেষ্টা কৰা অভিযুক্ত নাবালক হোৱা বাবে আৰক্ষীৰ তৰফৰ পৰা ল’ৰাজনৰ বিৰুদ্ধে Child in complicated law অনুযায়ী মাণিকপুৰ থানাত 614/21 Section 448, 354 আৰু 3071 IPC rapid 12 pocso act ৰ অধীনত এটা গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক : Murder in Guwahati : গুৱাহাটী মহানগৰীত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.