ETV Bharat / city

Murder in Guwahati : গুৱাহাটী মহানগৰীত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

author img

By

Published : Dec 26, 2021, 3:25 PM IST

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড (Murder in Guwahati) ৷ দেওবাৰে পুৱা মহানগৰীৰ ভাস্কৰ নগৰৰ পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে(Deadbody recovered in Guwahati) ৷

deadbody-recovered-in-guwahati
মহানগৰীত পুনৰ সংঘটিত হত্যাকাণ্ড

গুৱাহাটী, 26 ডিচেম্বৰ : মহানগৰীত সঘনাই সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা । দেওবাৰে পুনৰ মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder in Guwahati) । দেওবাৰে পুৱা মহানগৰীৰ ভাস্কৰ নগৰৰ পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় (Deadbody recovered in Guwahati)। যুৱকজনৰ মৃতদেহৰ বহু ঠাইত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে ।

আনকি যুৱকজনৰ সোঁ চকুত গুলীওৱাৰ আঘত স্পষ্ট হৈ পৰিছে ৷ কোনো দুৰ্বৃত্তই গুলীয়াই যুৱকজনৰ সোঁ চকুত আঘাত কৰি পথৰ দাঁতিত পেলাই থৈ যায় বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে(Murder in Guwahati) ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত মহানগৰীৰ আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে(Deadbody recovered by Guwahati Police) ৷

মৃতদেহটো মহানগৰীৰ উজানবজাৰৰ বাসিন্দা লাচিত বৰ্মন বুলি চিনাক্ত কৰে মহানগৰীৰ আৰক্ষীয়ে ৷ লগতে ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনৰ বয়স 25 ৰ পৰা 30 বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, বিগত কেইটামান মাহত গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হত্যাৰ ঘটনা (Murder cases in Guwahati city) ৷ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা বুলি দাবী জনাই আহিছে (Security system in Guwahati) যদিও তাৰ মাজতো এইদৰে সঘনাই সংঘটিত হৈ থকা হত্যাৰ ঘটনাই চিন্তিত কৰি তুলিছে মহানগৰবাসীক ৷

লগতে পঢ়ক : ISJK terrorist killed in encounter : অনন্তনাগত নিহত ISJK সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.