ETV Bharat / bharat

ISJK terrorist killed in encounter : অনন্তনাগত নিহত ISJK সন্ত্ৰাসবাদী

author img

By

Published : Dec 26, 2021, 12:26 PM IST

জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এনকাউণ্টাৰ অব্যাহত ৰাখিছে ৷ তেনে এক এনকাউণ্টাৰৰ মাজতে অনন্তনাগত নিহত ISJK সংগঠনৰ এটা সন্ত্ৰাসবাদী (ISJK terrorist killed in encounter) । সন্ত্ৰাসবাদীটোক কাদিপোৰা অঞ্চলৰ বাসিন্দা ফাহিম ভাট বুলি চিনাক্ত কৰা হৈছে ।

Anantnag encounter
নিৰাপত্তা বাহিনীৰ হাতত নিহত ISJK সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ : জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ অব্যাহত আছে (Encounter in J&K) । অনন্তনাগৰ শ্ৰীগুফৱাৰা অঞ্চলত পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । দুয়োপক্ষৰ গুলীয়াগুলীত নিহত হৈছে এটা সন্ত্ৰাসবাদী (ISJK terrorist killed in encounter)।

জানিব পৰা মতে, নিহত সন্ত্ৰাসবাদীটো ইছলামিক ষ্টেট অৱ জম্মু-কাশ্মীৰ (ISJK) ৰ সৈতে জড়িত আছিল । কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শকে নিহত সন্ত্ৰাসবাদীটো বিজবেহাৰা আৰক্ষী থানাৰ এএছআই মহম্মদ আশ্ৰাফৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা বুলি সদৰী কৰে । মৃত সন্ত্ৰাসবাদীটো কাদিপোৰা অঞ্চলৰ বাসিন্দা ফাহিম ভাট বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে দেওবাৰে দুটা পৃথক সংঘৰ্ষত দুজন আনছাৰ গাজৱত ইউএল হিন্দ (AuGH) আৰু লস্কৰ-ই-তৈবাৰ (LeT) আন দুজন সন্ত্ৰাসবাদী নিহত হয় ।

লগতে পঢ়ক : Encounter at Shopian: শ্বপিয়ানৰ গুলীয়াগুলীত নিহত ২ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.