ETV Bharat / state

Executive of Asom yuva parishad: ভৰিৰ তলত মাটি নথকাসকলে অগপ দল ত্যাগ কৰিব; জিতু বৰগোহাঁই

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 7:29 AM IST

Executive of Asom yuva parishad held in Bongaigaon
অসম যুৱ পৰিষদৰ সাংগঠনিক সভা সম্পন্ন

বঙাইগাঁৱৰ বীৰঝাৰা পাব্লিক লাইব্ৰেৰীত অসম যুৱ পৰিষদৰ সাংগঠনিক সভা সম্পন্ন ৷ সভাত উপস্থিত থাকে অগপ দলৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীকে ধৰি অগপ দলৰ বহু নেতা-কৰ্মী ৷

অসম যুৱ পৰিষদৰ সাংগঠনিক সভা

বঙাইগাঁও, 3 অক্টোবৰ: আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে নিজৰ সাংগঠনিক ভেঁটি মজবুত কৰাৰ বাবে আৰম্ভ কৰিছে কুচকাৱাজ ৷ পিছপৰি থকা নাই অসম গণ পৰিষদ দলো ৷ বঙাইগাঁৱৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অসম যুৱ পৰিষদ দলৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় সোমবাৰ অৰ্থাৎ 2 অক্টোবৰৰ দিনা ৷

আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰা আঞ্চলিকতাবাদী দল অসম গণ পৰিষদে দলটোৰ দুৰ্গ হিচাপে খ্যাত বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰাই লোকসভা নিৰ্বাচনৰ ৰণ ডংকা বজায় ৷ জিলাখনৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত হোৱা অসম যুৱ পৰিষদৰ এই সভাত আগন্তুক লোকসভা নিৰ্বাচন সম্বন্ধীয় বহু বিষয় সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ৷

অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বুঢ়াগোহাঁইৰ উপস্থিতিত এই সভা অনুষ্ঠিত কৰা হয় ৷ সভাত জিতু বুঢ়াগোহাঁইকে ধৰি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যসকল আৰু অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্য উপস্থিত থাকে ৷

প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে অগপ দল ত্যাগ কৰিব বুলি উত্থাপন হৈ অহা প্ৰসঙ্গ সন্দৰ্ভত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁইয়ে কয়, "ভৰিৰ তলত মাটি নথকাসকলে অগপ দল ত্যাগ কৰিব ৷ কোনো শীৰ্ষ নেতাই অগপ দল ত্যাগ নকৰে ৷ সমাগত লোকসভা নিৰ্বাচনত অগপৰ নেতা-কৰ্মী তথা সমৰ্থকে 14 খন আসনতেই বিজয়ী হোৱাৰ লক্ষ্যৰে অসম যুৱ পৰিষদৰ সাংগঠনিক কাম কাজ আৰম্ভ কৰিব ৷ যুৱকসকলৰ মনত জাতীয়তাবাদী চিন্তা ধাৰা সৃষ্টি কৰাৰ উদ্দেশ্যে আগন্তুক দিনত কাম কাজ কৰি যাব অসম যুৱ পৰিষদে ৷"

লগতে পঢ়ক:Amrit Kalash Yatra: দেৱলোকৰ পৰা আহি বৰপেটাৰোডত ‘অমৃত কলহ যাত্ৰাৰ ভাওনা’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.