ETV Bharat / state

West Bengal Panchayat Election Violence:বঙাইগাঁৱৰ শিৱালি হোটেলত উপস্থিত TMC ৰ সজাতি দল

author img

By

Published : Jul 18, 2023, 9:40 PM IST

West Bengal Panchayat Election
TMC ৰ সজাতি দল

পশ্চিমবংগত নিৰ্বাচনী হিংসাৰ বলি হোৱা ৪১ গৰাকী লোকৰ বুজ ল’বলৈ বঙাইগাঁওৰ শিৱালি হোটেলত উপস্থিত TMC ৰ সজাতি দল ৷

TMC ৰ সজাতি দল

বঙাইগাঁও, 18 জুলাই : ৰাজ্যিক TMC ৰ সভাপতি ৰিপুন বৰাৰ নিৰ্দেশ অনুসৰি বঙাইগাঁও আৰু চিৰাং জিলা TMC ৰ পদাধিকাৰী সকলৰ এটা সঁজাতি দলে পশ্চিমবংগত নিৰ্বাচনী হিংসাৰ বলি হোৱা ৪১ গৰাকী লোকৰ বুজ ল’বলৈ বঙাইগাঁৱৰ শিৱালি হোটেলত উপস্থিত হয় । চিৰাং জিলা TMC ৰ সভাপতি অনিৰ্বাণ সেনে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় কয় য়ে হিংসাৰ বলি হোৱা লোকসকলে যদি ঘৰলৈ উভতি যাব বিচাৰে, অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে লোকসকলক ঘৰলৈ লৈ যাবলৈ পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । এই পঞ্চায়ত নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু এই হিংসাত্মক ঘটনাত ১৫ জনকৈ নিৰীহ ব্যক্তিৰ মৃত্যু হৈছিল । ইয়াৰে অধিকাংশ ব্যক্তি আছিল বিজেপি দলৰ সমৰ্থক । শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ দ্বাৰা তথা প্ৰশাসনৰ সহযোগিতাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দল বিজেপিয়ে ।

ৰাজ্যখনত বিজেপি, চিপিআই এম, চিপিআই আদিৰ উপৰিও আৰু বহুতো দলে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও অভিযোগ অনুসৰি একমাত্ৰ বিজেপি প্ৰাৰ্থী আৰু সমৰ্থকসকলৰ ওপৰত নাৰকীয়ভাৱে সংবিধানক আওকান কৰি অত্যাচাৰ চলালে দুৰ্বৃত্তই । যাৰ ফলত শ শ পশ্চিম বংগীয় পুৰুষ মহিলা প্ৰাণৰ ভয়ত নিজ ৰাজ্য এৰি চুবুৰীয়া ৰাজ্য অসমৰ বিভিন্ন জিলাত আশ্ৰয় গ্ৰহণ কৰিছেহি । আনকি কোলাত পানী কেঁচুৱা লৈ দৌৰি দৌৰি মৃত্যুৰ ভয়ত পলাই অহা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত সম্প্ৰচাৰ হৈছে ৷

সম্প্ৰতি তেনে এক দৃশ্য পোহৰলৈ আহিছে বঙাইগাঁও জিলাত । নিৰ্বাচনী হিংসাৰ বলি হোৱা ৪১ গৰাকী বিজেপিৰ পঞ্চায়ত সদস্যই বাহৰ পাতিছে বঙাইগাঁও জিলাৰ শিৱালি হোটেলত । বঙাইগাঁও চহৰস্থিত শিৱালি হোটেলত আশ্ৰয় লৈছে তেওঁলোকে । প্ৰায় ১৫০ তকৈ অধিক লোক বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত বাহৰ পাতি আছে । ভীতিগ্ৰস্ত হৈ আছে পশ্চিম বংগৰ বিজেপি নেতা-কৰ্মীসকল ।

লগতে পঢ়ক : West Bengal Panchayat Election Violence: অসমত আশ্ৰয় পশ্চিম বংগৰ বিজেপি প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.