ETV Bharat / state

West Bengal Panchayat Election Violence: অসমত আশ্ৰয় পশ্চিম বংগৰ বিজেপি প্ৰতিনিধিৰ

author img

By

Published : Jul 17, 2023, 8:29 PM IST

পশ্চিম বংগৰ নিৰ্বাচনী হিংসা অব্য়াহত ৷ বঙাইগাঁৱত আত্মগোপন কৰিছে বিজেপিৰ কেইবাগৰাকী বিজয়ী প্ৰাৰ্থীৰ লগতে ভোটাৰে ৷ গুণ্ডা বাহিনীৰ আক্ৰমণৰ শংকাত গৃহৰাজ্য এৰি আত্মগোপন অসমত ৷

West Bengal Panchayat Election Violence
পশ্চিম বংগত নিৰ্বাচনী হিংসা

পশ্চিম বংগত নিৰ্বাচনী হিংসা

বঙাইগাঁও , ১৭ জুলাই: পশ্চিম বংগত পঞ্চায়ত নিৰ্বাচন সমাপ্ত হোৱাৰ পিচতো অব্যাহত আছে নিৰ্বাচনী হিংসা । ৰাজ্য়খনৰ বিভিন্ন ঠাইত আজিও আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰি আছে ৷ ইতিমধ্য়ে জীৱন ৰক্ষাৰ বাবে ঘৰ এৰি পলায়ন পশ্চিম বংগৰ হেজাৰ হেজাৰ অসহায় জনতাই ৷ অসমৰ ধুবুৰীৰ লগতে বঙাইগাঁও জিলাত আত্মগোপন কৰি আছে বংগৰ শতাধিক ভোটাৰৰ লগতে বিজেপি নেতা কৰ্মী ৷ ইতিমধ্য়ে ধুবুৰীত আত্মগোপন কৰিছে বিজেপি দলৰ কেইবাগৰাকী বিজয়ী প্ৰাৰ্থীয়ে ৷ শেহতীয়াভাৱে বঙাইগাঁৱত ৪১ গৰাকী বিজেপিৰ পঞ্চায়ত সদস্যই বাহৰ পাতিছে ।

উল্লেখ্য় যে কিছুদিন পূৰ্বে পশ্চিমবংগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় । এই পঞ্চায়ত নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাত ১৫ জনকৈ নিৰিহ লোকৰ মৃত্যু হয় । ইয়াৰে অধিকাংশই হৈছে বিজেপি দলৰ সমৰ্থক। শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ জৰিয়তে তথা প্ৰশাসনৰ যোগেদিয়েও হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দল বিজেপিয়ে । ৰাজ্যখনত বিজেপি, চিপিআই এম, চিপিআই আদিৰ উপৰি আৰু বহুতো দলে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও একমাত্ৰ বিজেপি প্ৰাৰ্থী আৰু সমৰ্থকৰ নাৰকীয়ভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে । ফলত শ শ পশ্চিম বংগীয় পুৰুষ মহিলাই প্ৰাণৰ ভয়ত নিজ ৰাজ্য এৰি চুবুৰীয়া ৰাজ্য অসমৰ বিভিন্ন জিলাত আশ্ৰয় গ্ৰহণ কৰিছে ।

আনকি কোলাত পানী কেঁচুৱা লৈ দৌৰি দৌৰি মৃত্যুৰ ভয়ত পলাই আহিছে । তাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নিৰ্বাচনী হিংসাৰ বলি হোৱা ৪১ গৰাকী বিজেপিৰ পঞ্চায়ত সদস্যই বাহৰ পাতিছে বঙাইগাঁও জিলাৰ শিৱালি হোটেলত । বঙাইগাওঁ চহৰস্থিত শিৱালি হোটেলত পশ্চিম বংগত নিৰ্বাচনী হিংসাৰ বলি হোৱা ৪১ গৰাকী বিজেপিৰ পঞ্চায়ত সদস্যই আশ্ৰয় লোৱাত জিলাখনত এনে আশ্ৰয় গ্ৰহণকাৰীৰ সংখ্য়া ১৫০লৈ বৃদ্ধি পালে ।

লগতে পঢ়ক:West Bengal Panchayat Election Violence: গৃহৰাজ্য এৰি অসমত আশ্ৰয় বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.