ETV Bharat / state

আন্তঃজিলা যাতায়ত ব্যৱস্থাত কঠোৰ হৈছে বঙাইগাঁও আৰক্ষী

author img

By

Published : May 21, 2021, 11:00 PM IST

কৰ’ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণ বাবে আংশিক লকডাউনৰ ওপৰিও 21 মে' অৰ্থাৎ শুকুৰবাৰৰ পৰা বন্ধ কৰা হৈছে আন্তঃজিলা যাতায়ত ব্যৱস্থা ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰপেটা আৰু বঙাইগাঁৱৰ সীমামূৰীয়াত তালাচী চকীৰ ব্যৱস্থা কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে ৷

আন্তঃজিলা যাতায়ত ব্যৱস্থাত কঠোৰ হৈছে বঙাইগাঁও আৰক্ষী
আন্তঃজিলা যাতায়ত ব্যৱস্থাত কঠোৰ হৈছে বঙাইগাঁও আৰক্ষী

বঙাইগাঁও, 21 মে' : সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণাই কাল ৰূপ ধাৰণ কৰি জনসাধাৰণৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । ৰাজ্যৰ প্ৰতিটো জিলাত এতিয়া গণ সংক্ৰমণ আৰম্ভ হৈছে ৷ কৰ’ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণ বাবে আংশিক লকডাউনৰ ওপৰিও 21 মে' অৰ্থাৎ শুকুৰবাৰৰ পৰা বন্ধ কৰা হৈছে আন্তঃজিলা যাতায়ত ব্যৱস্থা ৷

আন্তঃজিলা যাতায়ত ব্যৱস্থাত কঠোৰ হৈছে বঙাইগাঁও আৰক্ষী

এই ক্ষেত্ৰত পিছ পৰি থকা নাই বঙাইগাঁও আৰু বৰপেটা জিলা প্ৰশাসন ৷ মাণিকপুৰ থানা আৰু সৰভোগ থানাৰ আৰক্ষীয়ে পাতিলাদহা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰপেটা আৰু বঙাইগাঁও সীমামূৰীয়া এলেকাত তালাচী চকীৰ ব্যৱস্থা কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে ।

মাণিকপুৰ থানাৰ আৰক্ষীয়ে বৰ্তমানলৈ পাচগৰাকীকৈ নলবাৰী জিলাৰ পৰা বঙাইগাওঁ জিলালৈ প্ৰৱেশ কৰা ব্যক্তিক স্বাৱ টেষ্ট কৰাৰ বাবে মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে এই ক্ষেত্ৰত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন, এম্বুলেন্স আৰু স্বাস্থ্য বিভাগৰ লগত জড়িত ব্যক্তিক ৰেহাই দিয়া হৈছে ।

লগতে পঢ়ক : টাপেশ্বৰা গাঁও পঞ্চায়তত চেনিটাইজেচনৰ নামত ভেকো-ভাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.