ETV Bharat / state

Assam State Premier League Football Tournament: বঙাইগাঁৱৰ বেতবাৰীত উৎসৱমুখৰ পৰিৱেশত আৰম্ভ অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 8:33 AM IST

Assam State Premier League Football Tournament begins
অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল

অসম ফুটবল সন্থাৰ উদ্যোগত আৰু বঙাইগাঁও জিলা ক্ৰীড়া সন্থা, ইলেভেন ষ্টাৰ ক্লাৱ আৰু বেতবাৰী সুৰভি সংঘৰ সহযোগত বুধবাৰৰ পৰা বেতবাৰী সুৰভি সংঘৰ খেলপথাৰত আৰম্ভ হৈছে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা ৷

অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল

বঙাইগাঁও, ২ নৱেম্বৰ : অসম ফুটবল সন্থাৰ উদ্যোগত আৰু বঙাইগাঁও জিলা ক্ৰীড়া সন্থা, ইলেভেন ষ্টাৰ ক্লাৱ আৰু বেতবাৰী সুৰভি সংঘৰ সহযোগত বুধবাৰৰ পৰা বেতবাৰী সুৰভি সংঘৰ খেলপথাৰত আৰম্ভ হৈছে অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা ৷ এক উৎসৱমুখৰ পৰিৱেশত ৰাজ্যিক ভিত্তিৰ এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে নুমলীগড় শোধনাগাৰৰ স্বতন্ত্ৰ সঞ্চালক সুদীপ প্ৰধানে ৷

বিভিন্ন জনগোষ্ঠীয় শিল্পীৰ নৃত্য পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানত ৰাজ্যিক প্ৰিমিয়াৰ লীগৰ শীৰ্ষ গীতটি পৰিৱেশন কৰে কন্ঠশিল্পী ভূগু কাশ্যপে ৷ খেল উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী, অসম ফুটবল সন্থাৰ উপ-সভাপতি শান্তনু পূজাৰী আৰু কবিৰঞ্জন ব্ৰহ্ম, বিধায়ক জয়ন্ত বসুমতাৰী, সাধাৰণ সম্পাদক ড৹ ছানগ্ৰাং ব্ৰহ্মসহ কেবাজনো বিশিষ্ট অতিথিয়ে অংশ গ্ৰহণ কৰে ৷

বঙাইগাঁও জিলাৰ বেতবাৰী সুৰভি সংঘৰ খেলপথাৰত আৰম্ভ হোৱা এই প্ৰিমিয়াৰ লীগত বঙাইগাঁও জিলাৰ আগশাৰীৰ ফুটবল দল ইলেভেন ষ্টাৰ ক্লাবে অংশগ্ৰহণ কৰিছে ৷ বুধবাৰে উদ্বোধনী খেলত বঙাইগাঁও ইলেভেন ষ্টাৰৰ সৈতে কোকৰাঝাৰৰ গোবিন্দ এফ চি মুখামুখি হয় ৷ খেলত গোবিন্দ এফ চিয়ে ইলেভেন ষ্টাৰ দলক ২-০ গ’লত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত খেলাৰ যোগ্যতা অৰ্জন কৰে ৷

উল্লেখ্য যে, অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত মুঠ আঠটা দল ক্ৰমে ইলেভেন্ ষ্টাৰ ক্লাব, গোবিন্দ বসুমতাৰী এফ চি, ইউনাইটেড চিৰাং দুৱাৰ্চ এফ চি, মৰাণ টাউন ক্লাব, খৌমদাও এফ চি, ডিমা ইউনাইটেড এফ চি, কাৰ্বি আংলং মৰ্নিং ষ্টাৰ আৰু যোৰহাট টাউন ক্লাবে অংশগ্ৰহণ কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Football Tournament in Nalbari: স্বৰ্গীয় নফচেৰ আলী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল ঘোগা বদনি ডায়মণ্ড ক্লাৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.