Football Tournament in Nalbari: স্বৰ্গীয় নফচেৰ আলী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল ঘোগা বদনি ডায়মণ্ড ক্লাৱৰ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 7:31 AM IST

Updated : Nov 1, 2023, 9:34 AM IST

thumbnail

নলবাৰী, 1 নৱেম্বৰ : নলবাৰীৰ লোহাৰকাঠাত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হৈ যায় । লোহাৰকাঠা যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা নফচেৰ আলী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত ঘোগা বদনি ডায়মণ্ড ক্লাৱে খিতাপ অৰ্জন কৰে ।

লোহাৰকাঠা যুৱক সংঘৰ খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন ঘোগা বদনি ডাইমণ্ড ক্লাৱ আৰু বালিকুছি ভাইটি ক্লাৱৰ মাজত অনুষ্ঠিত হয় । তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত ঘোগা বদনি ডাইমণ্ড ক্লাৱে ৪-০ গ’লৰ ব্যৱধানত বালিকুছি ভাইটি ক্লাৱক পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে ।

এই তীব্ৰ উত্তেজনা পূৰ্ণ খেলখন উপভোগ কৰিবলৈ নলবাৰী জিলাৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হয় । মঙলবাৰৰ এই খেলখন উদ্বোধন কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তভ ৰয়ে । উল্লেখ্য যে, স্বৰ্গীয় নফচেৰ আলীৰ সোঁৱৰণত প্ৰতি বছৰে তেওঁৰ পুত্ৰই অনুষ্ঠিত কৰি আহিছে এই প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন ।

লগতে পঢ়ক : Football Tournament in Nalbari:নৈশ ফুটবল প্ৰতিযোগিতাত ঘোগা আঞ্চলিক ক্ৰীড়া সন্থা চেম্পিয়ন

Last Updated : Nov 1, 2023, 9:34 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.