ETV Bharat / state

বঙাইগাঁৱত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক

author img

By

Published : Nov 24, 2021, 1:03 PM IST

মিনি দিছপুৰত পৰিণত হৈছে বঙাইগাঁও চহৰ । বঙাইগাঁৱত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক (assam government's cabinet meeting) ৷ কেবিনেট বৈঠকক লৈ বিশেষ তৎপৰতা চহৰখনত ।

Cabinet
বঙাইগাঁৱত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ Cabinet বৈঠক

চিৰাং, ২৪ নৱেম্বৰ : বঙাইগাঁৱৰ আৱৰ্ত ভৱনত (Bongaigaon Circuit House) বুধবাৰে অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক (assam government's cabinet meeting) । যাৰ বাবে নতুন ৰূপত সজাই পৰাই তোলা হৈছে বঙাইগাঁও চহৰ । ইতিমধ্যে মঙলবাৰেই বঙাইগাঁৱত উপস্থিত হৈছে অসম চৰকাৰৰ মন্ত্ৰীসকল । দুদিন পূৰ্বৰে পৰা বঙাইগাঁও চহৰৰ হোটেল আদি বুক কৰিছে প্ৰশাসনে ।

ইফালে পুৱা ১০.৩০ বজাত বিশেষ হেলিকপ্টাৰযোগে বঙাইগাঁও কলেজৰ খেলপথাৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)। তাৰ পৰা গাড়ীৰে পোনে পোনে বঙাইগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয় (Bangaigaon DC Office)ত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । তাতেই অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কেবিনেট আৰম্ভ হোৱাৰ পূৰ্বে লাচিত দিৱস (Lachit Divas) উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বীৰ লাচিত বৰফুকনৰ (Lachit Borphukan) প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীসহ সকলো মন্ত্ৰীয়ে । কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰীয়ে অংশ ল'ব বঙাইগাঁও জিলাৰ কেইবাটাও অনুষ্ঠানত । যাৰ বাবে সমগ্ৰ চহৰতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

জানিব পৰা মতে উৰণীয়া সেঁতুত নিৰ্মাণ কৰা ক্লক টাৱাৰ (Clock tower) উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বায়োফ্লক মীন পালন (Bioflok Fisheries) উদ্বোধন কৰাৰ লগতে আন কেইবাখনো অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকী ।

লগতে পঢ়ক :Assam Police reqruitment : এসপ্তাহৰ ভিতৰত 6 হাজাৰ নতুন পদৰ বাবে বিজ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.