ETV Bharat / state

Assam Police reqruitment : এসপ্তাহৰ ভিতৰত 6 হাজাৰ নতুন পদৰ বাবে বিজ্ঞাপন

author img

By

Published : Nov 24, 2021, 10:25 AM IST

শীঘ্ৰে প্ৰদান কৰা হ’ব অসম আৰক্ষীত নিযুক্তি(Assam Police reqruitment) ৷ পৰৱৰ্তী এসপ্তাহৰ ভিতৰত নতুন পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব অসম আৰক্ষী(Advertisment in assam police)য়ে ৷ এই কথা মঙলবাৰে প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

chief-minister-dr-himanta-biswa-sharmas-big-announcement-to-assam-police
মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ,এসপ্তাহৰ ভিতৰত 6 হাজাৰ নতুন আৰক্ষীৰ পদৰ বাবে বিজ্ঞাপন

গুৱাহাটী, 24 নৱেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৷ এসপ্তাহৰ ভিতৰত 6 হাজাৰ আৰক্ষীৰ নতুন পদৰ বাবে প্ৰকাশ কৰা হ’ব বিজ্ঞাপন । 30 দিনৰ ভিতৰত পাছপ’ৰ্ট ভেৰিফিকেশ্যন, 31 মাৰ্চৰ ভিতৰত পুৰণি গোচৰৰ নিষ্পত্তি আদিকে ধৰি কেইবাটাও নিৰ্দেশ আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে । মঙলবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়(CM in headquarter of assam police)ত পৰ্যালোচনা বৈঠকৰ শেষত এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । মহানগৰীৰ উলু‍বাৰীস্থিত আৰক্ষীৰ মুখ্য কাৰ্যালয়(CM in headquarter of assam police)ত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সঞ্চালকপ্ৰধান (DGP of assam police) ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত ৰাজ্যৰ শীর্ষ আৰক্ষী বিষয়াৰে মিলিত হয় (review meeting of CM)। আনহাতে ভিডিঅ' কনফাৰেন্সযোগে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলেও এই বৈঠকত ভাগ লয় । এই বৈঠকত বহুকেইটা বিষয়ত আলোচনা কৰা হয় ।

chief-minister-dr-himanta-biswa-sharmas-big-announcement-to-assam-police
ডিজিপি কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

প্ৰথমে মহানগৰীৰ আইন-শৃংখলা বিষয়ত পৰ্যালোচনা কৰি 1992 চনত ৰুজু হোৱা নিষ্পত্তিহীন গোচৰ থকাটো প্ৰত্যক্ষ কৰা হয় । ইয়াৰ উপৰি 40 হাজাৰ নিষ্পত্তিহীন গোচৰ আছে মহানগৰীত । ইয়াৰে 16 হাজাৰ গোচৰৰ কাগজ পত্ৰ চিনাক্ত কৰিব পৰা অৱস্থাত নাই । এই গোচৰসমূহ অৱসৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে নিষ্পত্তি কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ পঞ্জীয়ন হোৱা গোচৰৰ বিপৰীতে নিষ্পত্তি গোচৰৰ সংখ্যা অধিক কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । সমগ্ৰ অসমত নিষ্পত্তিহীন গোচৰ ৩১ মাৰ্চৰ ভিতৰত নিষ্পত্তি কৰাৰ নিৰ্দেশ দিয়ে ।

আগন্তুক বছৰৰ ১০ মে'ৰ ভিতৰত ১২-১৩ হাজাৰ নিযুক্তি সম্ভৱ হ'ব আৰক্ষীত ৷ লগতে মুখ্যমন্ত্ৰীয়ে জনায় যে পৰৱৰ্তী তিনি মাহৰ ভিতৰত প্ৰায় ৬০০ নতুন SI ক কৰ্তব্যত নিযুক্তি প্ৰদান কৰা হ'ব ৷ ইয়াৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, স্বাস্থ্য প্ৰতিবেদন সময়মতে প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰাৰ লগতে পাছপ'ৰ্টৰ ভেৰিফিকেচন ৰিপ’ৰ্ট এমাহৰ ভিতৰত সম্পন্ন হ'ব লাগিব ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা ললিতা কুমাৰী প্ৰতিবেদন অনুসৰি গোচৰ ৰুজু হ'ব । প্ৰথমে প্ৰাথমিক অনুসন্ধান তাৰ পিছতহে প্ৰতিটো গোচৰ ৰুজু কৰা হ'ব । আৰক্ষীৰ এহাজাৰ আৱাস নিৰ্মাণৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে সিদ্ধান্ত লোৱা হৈছে । অসম আৰক্ষীত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা ৭০ গৰাকী আৰক্ষীৰ পৰিয়ালৰ সদস্যক অচিৰেই নিযুক্তি প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণাৰ লগতে কয় যে, প্ৰায় ৫ হাজাৰ প্ৰতিবেদন গৃহত গৈ আৰক্ষীয়ে গৰাকীৰ হাতত দিছে । আৰু বহুত কাম কৰিবলগা আছে । আৰক্ষী প্ৰসংগত তেওঁ কয় যে, অসম আৰক্ষী গংগাত নাথাকে, আৰক্ষীয়ে দুৰ্নীতি কৰিলে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ৫ বছৰত অসমে আকাশ চুব । দুৰ্নীতি ছয়মাহত শেষ হোৱা বস্তু নহয়, আজিয়ে দুৰ্নীতি শেষ নহয়, যদিওবা অচিৰেই শেষ হ’ব বুলি কব পাৰি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যোৱা ৬ মাহত মহানগৰ আৰক্ষীত আটাইতকৈ কম অপৰাধ হৈছে বুলি মত প্ৰকাশ কৰে ।

আনহাতে, নাগৰিকত্ব সংশোধনী আইন আন্দোলন সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয়(CM of assam on CAA) যে, অসমত আন্দোলন কৰিব পৰাকৈ মানুহ ৰাজপথলৈ ওলাই নাহে ৷ অসমত এতিয়া কোনেও CAA আন্দোলন নকৰে । ক'ভিডৰ পাছত জীৱিকাৰ বাবে সংগ্ৰাম কৰিছে জনতাই। আন্দোলনৰ কথা কোৱাসকলে দুখীয়াৰ যন্ত্ৰণা নুবুজে ৷

লগতে পঢ়ক : সচাকৈয়ে NHPC ৰ পৰা ধন লৈছিল নেকি লুৰীণ জ্যোতি গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.