মাণিকপুৰৰ পৰা আটক 6 টা দালাল

author img

By

Published : Sep 22, 2021, 11:52 AM IST

6 Land Broker Arrest at Manikpur

ড্ৰাগছৰ পাচত এইবাৰ মাটিৰ দালালৰাজৰ বিৰুদ্ধে অসম আৰক্ষীৰ ৰঙা চকু ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষীৰ জালত পৰিল 6 টাকৈ মাটিৰ দালাল ৷

অভয়াপুৰী, 22 ছেপ্তেম্বৰ : এইবাৰ আৰক্ষীৰ শেনচকু দালাল চক্ৰৰ বিৰুদ্ধে ৷ সোমবাৰৰ নিশা আটক কৰা হৈছে ইটোৰ পাচত সিটোকৈ দালাল ৷ মঙলবাৰলৈকে পোৱা তথ্য অনুসৰি, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আটক হৈছে চাৰিশৰো অধিক দালাল ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা ৬ টাকৈ মাটিৰ দালালক আটক কৰিছে আৰক্ষীয়ে । আটকাধীন দালালকেইটাৰ নাম ক্ৰমে- বলোৰাম পাটগিৰি (ভাটিপাৰা), দিলীপ ৰায় (চকীহালি), কুশল ৰায় (ছিটকিবাৰী), হাইদৰ আলী (ভাটি পাৰা), জালাল উদ্দিন (বৰবিলা) আৰু খুশি (নোৱাপাৰা) ৷ আটকাধীন দালাল কেইটাক ইতিমধ্যে মাণিকপুৰ আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে ৷

মাণিকপুৰৰ পৰা আটক 6 টা দালাল

লগতে পঢ়ক: Operation মাটিৰ দালাল : একে নিশাই গ্ৰেপ্তাৰ ৪৫৩ জন মাটিৰ দালাল

উল্লেখ্য যে, দালাল চক্ৰৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মহকুমাৰ ৰাজহ বিষয়াক কঠোৰ হ’বলৈ নিৰ্দেশ কৰিবলৈ প্ৰদান কৰিছিল ৷ তাৰপাচৰ পৰাই দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰশাসনে ৷ অসমক সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত কৰাৰ স্বাৰ্থত সষ্টম হৈছে ৰাজ্যৰ প্ৰশাসন ৷ যাৰ বাবে ড্ৰাগছৰ পাচত এইবাৰ দালাল চক্ৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰশাসনে চলাইছে তীব্ৰতৰ অভিযান ৷

লগতে পঢ়ক: আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰি পলাতক দালাল

কি বঙাইগাঁও, কি নগাঁও, কি নলবাৰী সকলোতে ভূ-মাফিয়াৰ বিৰুদ্ধে চলিছে অভিযান ৷ একেটা নিশাৰ ভিতৰতে আটক হ’ল শতাধিক মাটিৰ দালাল ৷ উল্লেখ্য যে, আৰক্ষীৰ এই পদক্ষেপক শলাগ জনাইছে সচেতন মহলে ৷ ৰাইজৰ দাবী কেৱল পুঠি, খলিহনা ধৰাতে সীমাবদ্ধ নাথাকি আৰক্ষীয়ে আটক কৰক ভূ-মাফিয়াৰ ৰৌ, বৰালীকো ৷

লগতে পঢ়ক: দালাল ধৰিছে চৰকাৰে; ক্ষমতা দেখুৱাই মোকলাই নিছে বিৰোধী বিধায়কে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.